ডিজিটেল ডেস্ক, A NEWS 24×7: মঙলবাৰে বিয়লি গুৱাহাটীৰ উপকণ্ঠ অঞ্চলৰ ৰাণীত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা। গুলীত আঘাতপ্ৰাপ্ত হয় এজন লোক। লগে লগে ব্যক্তিজনক ৰাণী সামূহিক স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰে।
গুলীবিদ্ধ লোকজন তাৰাপতি অঞ্চলৰ বাসিন্দা মিলন দাস বুলি জানিব পৰা গৈছে। গুলীৰ দ্বাৰা আঘাতপ্ৰাপ্ত হৈছে তেওঁৰ সোঁহাত।বাতৰি অনুসৰি ৰাণী থানাৰ সমীপৰ কাৰ্মেল স্কুলৰ সন্মুখত তেওঁ নিজৰ সন্তানক বিদ্যালয়ৰ পৰা নিবলৈ গৈ থকা অৱস্থাত সংঘটিত হয় দুৰ্ঘটনা।
স্থানীয় লোকে গুলীটো ওচৰৰ ফায়াৰিং ৰেঞ্জৰ পৰা আহিছে বুলি সন্দেহ কৰিছে যদিও ইয়াৰ সঠিক কাৰণ এতিয়াও জানিব
পৰা হোৱা নাই।