Friday, November 8, 2024
Homeনিয়োগএছএছচিত বৃহৎ নিযুক্তি মুকলি কৰা হৈছে ২৪,৩৬৯ টা পদ

এছএছচিত বৃহৎ নিযুক্তি মুকলি কৰা হৈছে ২৪,৩৬৯ টা পদ

ডিজিটেল ডেস্ক, ANEWS24X7: এছএছচিত বৃহৎ নিযুক্তি ৷ এছএছচিত মুকলি কৰা হৈছে ২৪৩৬৯ টা পদ ৷ চিএপিএফ এনচিবি ,এছএছএফ আৰু ৰাইফলমেন জিডি কনিষ্টবল নিযুক্তি সন্দৰ্ভত এছএছচিয়ে এক জাননি জাৰি কৰিছে ৷ যিসকল প্ৰাৰ্থীয়ে পেৰা মিলিটাৰী বাহিনীত যোগদান কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী সকলে এছএছচিৰ অফিচিয়ে্ল ৱেবচাইডত গৈ অনলাইন যোগে আবেদন কৰিব পাৰিব ৷

উক্ত পদৰ বাবে প্ৰাৰ্থী সকলৰ শিক্ষাগত অৰ্হতা স্বীকৃতিপ্ৰাপ্ত বৰ্ডৰ পৰা মেট্ৰিক বা দশম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগিব ৷ এই পদ সমূহৰ বাবে প্ৰাৰ্থীৰ বয়স ১ জানুৱাৰী ২০২৩ লৈকে ১৮ বছৰৰ পৰা ২৩ বছৰৰ ভিতৰত হ’ব লাগিব ৷ প্ৰাৰ্থী সকলৰ জন্ম ২ জানুৱাৰী ২০০০ৰ পৰা ১ জানুৱাৰী ২০০৫ ৰ ভিতৰত হ’ব লাগিব ৷ অৱশ্যে অবিচি, এমঅবিচি প্ৰাৰ্থী সকলৰ বাবে বয়সৰ সীমা ৩ বছৰ ৰেহাই দিয়া হ’ব ৷ আনহাতে অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ প্ৰাৰ্থী সকলৰ বাবে ৫ বছৰ আৰু প্ৰাক্তন সৈনিক প্ৰাৰ্থীৰ বাবে 3 বছৰ ৰেহাই দিয়া হ’ব ।

প্ৰাৰ্থী সকলে ১০০ টকাৰ আবেদন মাছুল জমা দিব লাগিব ৷অৱশ্যে অনুসূচীত জাতি , অনুসূচীত জনজাতিৰ আৰু মহিলা প্ৰাৰ্থী সকলে কোনো ধৰণৰ মাছুল দিব নালাগে ৷ এছএছচিয়ে মুকলি কৰা ২৪৩৬৯ টা পদৰ ভিতৰত ২১,৫৭৯ টা পদ পুৰুষৰ বাবে আৰু ২,৬২৬ টা পদ মহিলাৰ বাবে ৷ উক্ত পদ সমূহৰ বাবে প্ৰাৰ্থীৰ দৰমহাৰ নিৰিখ ১৮০০০ টকাৰ ৫৬,৯০০ টকা পৰ্যন্ত ধাৰ্য কৰা হৈছে ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments