ডিজিটেল ডেস্ক, ANEWS24X7: ৰাজ্যিক কেবিনেটত বহু কেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে জয়ন্ত মল্ল বৰুৱাই । সেয়া ক্ৰমে
১) আছাম ফ্লায়িং ক্লাব ছ’চাইটী পুনৰ উজ্জীৱিতকৰণৰ সিদ্ধান্ত কেবিনেটৰ লগতে মখ্যমন্ত্ৰীক অধ্যক্ষ হিচাপে লৈ ছ’চাইটী পুনৰ গঠন
২) টেলিকম খণ্ডৰ আন্তগাঁথনি নিৰ্মাণৰ বাবে ছিগল উইণ্ড’ নীতি মুকলি । আনহাতে ৫ জিৰ সম্প্ৰসাৰণত কোম্পানীসমূহে ক্ষিপ্ৰ অনুমোদন লাভ কৰিব। অসম কেবিনেটৰ ক্ষিপ্ৰ অনুমোদনৰ নীতিত অনুমোদন আৰু
বিটিচি সচিবালয়লৈ দ্বিতীয় কিস্তিৰ ধন মুকলি।
৩) কাগজকলৰ ১৭ জনক বিভিন্ন বিভাগত নিযুক্তিৰ সিদ্ধান্ত আৰু অসম গণ সুৰক্ষা বিধেয়ক উত্থাপনত অনুমোদন।
৪) ব্যৱসায়িক প্ৰতিষ্ঠানত থাকিব লাগিব চিচিটিভিৰ ব্যৱস্থা। জি+২ অট্টালিকাত থাকিব লাগিব চিচিটিভি লগতে কমেও ৭দিনৰ ভিডিঅ’ সংৰক্ষিত কৰি ৰাখিব লাগিব ।
৫)অংগনৱাড়ীৰ আহাৰত মিলেট শস্য প্ৰদানত অনুমোদন । ইপিনে ক’ল ইণ্ডিয়াৰ সৈতে বুজাবুজিৰ চুক্তিত অনুমোদন লগতে মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম উন্নয়ন আঁচনিলৈ ২০০ কোটি অনুমোদন । আনহাতে RIDF আঁচনিৰ আধীনত ৪১২.৪২ কোটি টকা অনুমোদন ।ইফালে ১০০০ মডেল অংগনৱাড়ী কেন্দ্ৰ নিৰ্মাণ কৰিব এই ধনেৰে আৰু নাৱাৰ্ডৰ পৰা অসম চৰকাৰে এই ধন ঋণ হিচাপে ল’ব ।