Saturday, March 14, 2026
Homeঅসমৰাজ্য চৰকাৰ এতিয়া বৃত্তিয় সংকটৰ মাজত

ৰাজ্য চৰকাৰ এতিয়া বৃত্তিয় সংকটৰ মাজত

চামগুৰি, ৩০জুলাই: ৰাজ্য চৰকাৰ এতিয়া বৃত্তিয় সংকটৰ মাজত। অৰুণোদয়ৰ পইচা যাতে ৰাইজে মাহে-মাহে ঘূৰাই দিয়ে মূল্য বৃদ্ধি কৰি তাৰে ষড়যন্ত্ৰ কৰিছে চৰকাৰ খনে: মন্তব্য প্ৰদেশ কংগ্ৰেছ সভাপতি ভূপেন বৰাৰ।

জয় লাভৰ নিশ্চয়তা আৰু দলৰ প্ৰতি আনুগত্য থকা নেতাকহে উপ-নিৰ্বাচনত প্ৰাৰ্থীত্ব প্ৰদান কৰিব কংগ্ৰেছে: সদৰি কৰিলে সভাপতি গৰাকীয়ে।

প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ পুত্ৰই ভূপেন বৰা লগত যোগাযোগ কৰা নাই! শ্যামন্ত কাশ্যপ মহন্তই কংগ্ৰেছত যোগদানৰ চৰ্চা নচাৎ কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই।

মুখ্যমন্ত্ৰী গৰাকীক চিকিৎসকে নিশ্চয় পৰামৰ্শ দিছে আমিষ নাখাবলৈ সেয়েহে চৰকাৰী অনুষ্ঠানত আমিষ খাদ্যৰ ব্যৱস্থা নকৰিবলৈ কৈছে মুখ্যমন্ত্ৰীয়ে: মুখ্যমন্ত্ৰীক কটাক্ষ ভূপেন বৰাৰ।

ৰাইজে কেতিয়া নিৰামিষ খাব! মুখ্যমন্ত্ৰীৰ কনভয়ত কেইখন গাড়ী যাব! সেইয়া ৰাইজৰ বিচাৰ্য বিষয় নহয়! মুখ্যমন্ত্ৰীৰ ফেচবুক লাইভৰ সন্দৰ্ভত কটাক্ষ ভূপেন বৰাৰ।

মুখ্যমন্ত্ৰী গৰাকী নিজে প্ৰাক্তন আলফা হোৱাৰ পাছতো পৰেশ বৰুৱা সহ প্ৰাক্তন সৰ্তীৰ্থ সকলক প্ৰত্যাৱৰ্তনৰ ক্ষেত্ৰত দেখোৱা নাই সদিচ্ছা: গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদেশ কংগ্ৰেছ সভাপতি গৰাকীৰ।

উপনিৰ্বাচন কংগ্ৰেছে অকলে খেলিব নেকি বুলি সোধা প্ৰশ্নত ৰহস্যজনকভাৱে হাঁহিৰে প্ৰত্যুত্তৰ প্ৰদেশ কংগ্ৰছৰ সভাপতি ভূপেন বৰাৰ!

বিধানসভাৰ অধ্যক্ষ গৰাকীয়ে যদি সাংবিধানিক পদৰ মৰ্যদা ৰক্ষা কৰে তেনেহ’লে শশীকান্ত দাসৰ দৰে বহু কেইজনৰ বিধায়ক পদ খাৰিজ হ’ব বুলি গুৰুত্বপূৰ্ণ মন্তব্য ভূপেন বৰাৰ।

চামগুৰিৰ উপ-নিৰ্বাচনৰ সন্দৰ্ভত বঢ়মপুৰৰ নেতা-কৰ্মীৰ সৈতে চলচলিত অনুষ্ঠিত এখন সভাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কৰিলে বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments