ডিজিটেল ডেস্ক, ANEWS24X7: যশস্বী চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ বিয়োগ ৷ শুক্ৰবাৰে দিনৰ ৩.১৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে খ্যাতনামা চিত্ৰশিল্পী জনে ৷
শিল্পী গৰাকীৰ মৃত্যুৰ পিছতে অসম চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ মহান সৃষ্টিৰাজিক সংৰক্ষণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব ঘোষণা কৰে ৷
মন্ত্ৰী বৰাই কয় যে , ‘‘নীলপৱন বৰুৱাৰ সৃষ্টিৰাজিক ৰাজ্য চৰকাৰে সংৰক্ষণৰ ব্যৱস্থা গ্রহণ কৰিব । তেখেতৰ বেলতলাৰ বাসগৃহত এখন চাৰু কলা বিদ্যালয় স্থাপন কৰা হ’ব । নীলপৱন বৰুৱাৰ পৰিয়ালে বিদ্যালয় স্থাপনৰ পোষকতা কৰিছে ৷ তেখেতৰ পৰিয়ালৰ লোক সকলৰ সৈতে আলোচনা কৰি ৰাজ্য চৰকাৰে ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব ৷’’