Thursday, March 12, 2026
Homeৰাষ্ট্ৰীয়ইডিক ১ লাখ টকাৰ জৰিমনা উচ্চতম ন্যায়ালয়ৰ

ইডিক ১ লাখ টকাৰ জৰিমনা উচ্চতম ন্যায়ালয়ৰ

 

ডিজিটেল ডেস্ক, ANEWS24X7: উচ্চতম ন্যায়ালয়ৰ ৰোহত তদন্তকাৰী সংস্থা ইডি ৷ ১ লাখ টকাৰ জৰিমনা বিহিলে তদন্তকাৰী সংস্থাটোক ৷ উচ্চতম ন্যায়ালয়ৰ মূল্যবান সময় নষ্ট কৰাৰ অপৰাধত এই জৰিমনা বিহে উচ্চতমন্যালয়ে ৷ ইডিয়ে এজন কৰ্কট ৰোগত আক্ৰান্ত অভিযুক্তৰ জামিন সন্দৰ্ভত উচ্চ ন্যায়ালয়ৰ ৰায়ৰ বিৰোধিতা কৰি জামিন নাচক কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্ত হৈছিল ৷

ইডিৰ এনে কৰ্মকাণ্ডত খৰ্গহস্ত হয় উচ্চতম ন্যায়ালয় ৷ উচ্চ ন্যায়ালয়ে কৰ্কট আক্ৰান্ত ব্যক্তিগৰাকীৰ জামিন নাকচ কৰিবলৈ কৰা আৱেদনৰ শুনানি গ্ৰহণ কৰি আদালতৰ সময় নষ্ট কৰাৰ বাবে চোকা সমালোচনা কৰিছে। আৱেদন কাৰী বিষয়াগৰাকীক ১ লাখ টকাৰ জৰিমনা আদায় দিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে।ইডিৰ আৱেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ এম আৰ শ্বাহ আৰু এম এম সুন্দেশ্ৰ দুজনীয়া বিচাৰপীঠ এই নিৰ্দেশনা জাৰি কৰে ৷

ইডিয়ে ১ লাখ টকা জৰিমনাৰে ৫০ হাজাৰ টকা ৰাষ্ট্ৰীয় আইনীসেৱা কৰ্তৃপক্ষক প্ৰদান কৰিব লাগিব আৰু ৫০ হাজাৰ টকা উচ্চতম ন্যায়ালয়ৰ মধ্যস্থতা আৰু মীমাংসা প্ৰকল্প সমিতিক প্ৰদান কৰিব লাগিব ।

উল্লেখ্য যে এটা ব্যক্তিগত বেংকৰ কৰ্মচাৰীৰ বিৰুদ্ধে ২৪ কোটি টকাৰ প্ৰতাৰণাৰ অভিযোগ উত্থাপন হৈছিল ৷ ২০২১ চনৰ ১২ নৱেম্বৰত এলাহবাদ উচ্চ ন্যায়ালয়ে বেংক বিষয়াগৰাকী কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ বাবেই জামিন প্ৰদান কৰিছিল। এলাহবাদ উচ্চ ন্যায়ালয়ৰ এই ৰায়ক প্ৰত্যাহ্বান জনাই ই ডিয়ে উচ্চতম ন্যয়ালয়ত আৱেদন দাখিল কৰিছিল ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments