ডিজিটেল ডেস্ক, ANEWS24X7 : অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দিল্লীৰ উপ মুখ্যমন্ত্ৰী মণীষ চিছোডিয়াৰ বিৰোদ্ধে তৰা মানহানি গোচৰ বাতিল কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল মণীষ চিছোডিয়া। কিন্তু, উচ্চতম ন্যায়ালয়ৰ পৰা কোনোধৰণৰ উপশম নাপালে দিল্লীৰ উপ মুখ্যমন্ত্ৰী মণীষ চিছোডিয়াই। উল্লেখ্য যে, গুৱাহাটী উচ্চ ন্যায়ালয়তো মুখ্যমন্ত্ৰীৰ মানহানিৰ গোচৰৰ পৰা উপশম বিচাৰি মুখ থেকেচা খাইছিল আম আদমী পাৰ্টীৰ নেতাজনে।

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই সৰ্বোচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল মণীষ চিছোডিয়া। দিল্লীৰ উপ মুখ্যমন্ত্ৰী মণীষ চিছোডিয়াই অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কৰোনা মহামাৰীৰ সময়ত ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ শিতানত বজাৰ মূল্যতকৈ অধিক দামত পিপিই কিট (PPE kit) ক্ৰয় কৰাৰ অভিযোগ আনিছিল। এই অভিযোগ খণ্ডন কৰি ড০ শৰ্মাই চিছোডিয়াৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গোচৰ তৰিছিল।
সোমবাৰে অনুষ্ঠিত হোৱা শুনানিত, উচ্চতম ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠে কয় – যি সময়ত দেশ এক অতিমাৰীৰ মাজৰে পাৰ হৈছে তেনে সময়ত দিল্লীৰ উপ মুখ্যমন্ত্ৰীৰ এনে মন্তব্য দুৰ্ভাগ্যজনক; চিছোডিয়াই ইয়াৰ পৰিণতিৰ সন্মুখীন হ’ব লাগিব।
