ডিজিটেল ডেস্ক, ANEWS24X7:কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীৰ নিৰ্বাচনী বিজয়ক প্ৰত্যাহ্বান জনোৱা আবেদন খাৰিজ কৰিলে উচ্চতম ন্যায়ালয়ে ৷ শনিবাৰে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ এ এছ বোপান্ন আৰু দীপাংকৰ দত্তৰ বিচাৰপীঠে খাৰিজ কৰে আবেদন খন ৷ উচ্চতম ন্যায়ালয়ে পূৰ্বে কেৰালা উচ্চ ন্যায়ালয়ে প্ৰদান কৰা ৰায়কে বাহাল ৰাখে ৷
২০১৯ৰ লোকসভা নিৰ্বাচনত কেৰেলাৰ ৱায়েনাড সমষ্টিৰ পৰা বিজয় লাভ কৰিছিল ৷ ইয়াৰ পিছতে ৰাহুল গান্ধীৰ বিৰু্দ্ধে সৰিতা নায়াৰ নামৰ এগৰাকী লোকে নিৰ্বাচনী অনিয়মৰ অভিযোগ উত্থাপন কৰি কেৰালা উচ্চ ন্যায়ালয়ৰ দ্বাৰস্ত হৈছিল ৷ কেৰালা উচ্চ ন্যায়ালয়ে ২০১৯ চনত সৰিতাৰ অভিযোগ খাৰিজ কৰিছিল ৷
ইয়াৰ পিছতে কেৰালা উচ্চ ন্যায়ালয়ৰ ৰায়ক প্ৰত্যাহ্বান জনায় উচ্চতম ন্যায়ালৰ দ্বাৰস্ত হৈছিল সৰিতা নায়াৰে ৷ উচ্চতম ন্যায়ালয়ে শনিবাৰে ৰাহুল গান্ধীৰ লগতে এৰ্নাকুলাম লোকসভা আসনত জয়ী হোৱা কংগ্ৰেছ প্ৰাৰ্থী হিবি ইডেনৰ বিজয়ক প্ৰত্যাহ্বান জনাই সৰিতা নায়াৰে দাখিল কৰা আবেদন খাৰিজ কৰে ৷
উল্লেখ্য যে, সৰিতা সৌৰ শক্তি কেলেংকাৰীৰ অভিযোগ উত্থাপন কৰি কেৰেলাৰ পূৰ্বৰ কংগ্ৰেছ চৰকাৰ পতন ঘটাইছিল ৷ সৰিতাই ওমেন চাণ্ডি নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰৰ বিৰুদ্ধে তথ্য প্ৰমাণ প্ৰকাশ কৰিছিল ৷ ইয়াৰ ফলত তদানিন্তন মখ্যমন্ত্ৰী ওমেন চাণ্ডি , বিত্তমন্ত্ৰী কে এন মণি আৰু আবকাৰী মন্ত্ৰী কে বাবুয়ে পদত্যাগ কৰিব লগা হৈছিল ৷
