Sunday, July 6, 2025
Homeৰাজনৈতিকৰাজীৱ গান্ধীৰ হত্যাকাৰীক কাৰাগাৰৰ পৰা মুকলি কৰি দিয়াৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

ৰাজীৱ গান্ধীৰ হত্যাকাৰীক কাৰাগাৰৰ পৰা মুকলি কৰি দিয়াৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

ডিজিটেল ডেস্ক, ANEWS24X7: দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ হত্যাকাণ্ডৰ লগত জড়িত ছয়জন অপৰাধীক মুক্তিৰ নিৰ্দেশ ৷ শুক্ৰবাৰে উচ্চতম ন্যায়ালয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী হত্যাৰ ছয়জন অপৰাধী নলিনী শ্ৰীহৰণ, ৰবিচন্দ্ৰন, সান্থান, মুৰুগান, ৰবাৰ্ট পায়াছ আৰু জয়কুমাৰক মুক্তিৰ নিৰ্দেশ দিছে ৷

দোষী সাব্যস্ত হোৱা ছয়জনৰ ভিতৰত নলিনী শ্ৰীহৰণ আৰু ৰবিচন্দ্ৰন ভাৰতীয় নাগৰিক ৷ আনহাতে সান্থান, মুৰুগান, ৰবাৰ্ট পায়াছ আৰু জয়কুমাৰ শ্ৰীলংকাৰ নগৰিক ৷ নিয়ম অনুসৰি নলিনী শ্ৰীহৰণ আৰু ৰবিচন্দ্ৰনক মুকলি কৰি দিয়া হ’ব যদিহে তেওঁলোকৰ বিৰুদ্ধে আন কোনো গোচৰ বিচাৰাধীন হৈ নাথাকে ৷

বৰ্তমান, নলিনী শ্ৰীহৰণ আৰু ৰবিচন্দ্ৰন ক্ৰমে ভেলোৰ আৰু মাদুৰাইৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা পেৰোলত আছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments