ডিজিটেল ডেস্ক, ANEWS24X7: আজি উচ্চতম ন্যায়ালয়ে নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত ২৩২ টা গোচৰৰ শুনানি গ্ৰহণ কৰিব ৷ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ উদয় উমেশ ললিত, ন্যায়াধীশ এছ ৰবীন্দ্ৰ ভাট আৰু ন্যায়াধীশ বেলা এম ত্ৰিবেদীৰ বিচাৰপীঠে গ্ৰহণ কৰিব শুনানি ৷
আৰম্ভণিৰ পৰাই CAAক লৈ বিতৰ্কৰ অন্ত পৰা নাই। কেন্দ্ৰীয় চৰকাৰে এই সংশোধনী অনাৰ লগে লগে দেশত প্ৰবল বিক্ষোভৰ সৃষ্টি হয়। আৰম্ভণিৰ পৰাই সকলো বিৰোধী ৰাজনৈতিক দল আৰু বিভিন্ন দল সংগঠনে ইয়াৰ বিৰোধিতা কৰি আহিছে । আইনখন বাতিল কৰাৰ দাবীত ন্যায়ালয়ৰ দাৰস্ত হৈছে ৷
উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰে দেওবাৰে উচ্চতম ন্যায়ালয়ক নাগৰিকত্ব সংশোধনী আইনৰ বৈধতাক প্ৰত্যাহ্বান জনোৱা আৱেদনসমূহ খাৰিজ কৰিবলৈ আহ্বান জনায়। কেন্দ্ৰীয় চৰকাৰে যে আইনখনে অসমলৈ অবৈধ প্ৰব্ৰজন বা ভৱিষ্যতে দেশত কোনো ধৰণৰ বিদেশীৰ আগমনক উৎসাহিত নকৰে। কেন্দ্ৰই কৈছিল যে এইটো এটা স্পষ্ট আইন যি অসমকে অন্য ৰাজ্য সমূহত ধৰি ৩১ ডিচেম্বৰ, ২০১৪ তাৰিখে বা তাৰ আগতে দেশলৈ অহা ছয়টা নিৰ্দিষ্ট সম্প্ৰদায়ৰ লোকক হে ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰিব ।