Thursday, November 7, 2024
Homeঅৰ্থনীতিনোটবন্দী সন্দৰ্ভত ১২ অক্টোবৰত সিদ্ধান্ত গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

নোটবন্দী সন্দৰ্ভত ১২ অক্টোবৰত সিদ্ধান্ত গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

ডিজিটেল ডেস্ক, ANEWS24X7: নোটবন্দী সন্দৰ্ভত ১২ অক্টোবৰত সিদ্ধান্ত গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে ৷বিমুদ্ৰাকৰণৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই মুঠ ৫৮ খন আবেদন উচ্চতম ন্যায়ালয়ত দাখিল কৰা হৈছিল ৷ বুধবাৰে এই গোচৰ উচ্চতম ন্যায়ালয়ৰ পাঁচজনীয়া সাংবিধানিক বিচাৰপীঠত ৰখা হয় ৷

বিচাৰপীঠখনত আছিল ন্যায়াধীশ এছ আব্দুল নাজিৰ , বি আৰ গাভাই , এ এছ বোপান্না, ভি ৰামসুব্ৰমনিয়াম আৰু বি ভি নাগাৰাথানা ৷ বিচাৰপীঠখনে এই গোচৰ সন্দৰ্ভত ১২ অক্টোবৰত সিদ্ধান্ত গ্ৰহণ কৰিব ৷ন্যায়াধীশ এছ আব্দুল নাজিৰ আৰু বি আৰ গাভাই কয় যে,‘‘বিমুদ্ৰাকৰণৰ সিদ্ধান্তৰ পুনৰীক্ষণ ইমান দিনধৰি তাত্ত্বিক বিষয় হৈ পৰা নাই নেকি? ইয়াৰ আৰু কোনো প্ৰাসংগিকতা বাকী আছে নেকি?’’

ন্যায়াধীশ এছ আব্দুল নাজিৰে কয় যে,‘‘বিষয়টো ১২ অক্টোবৰত নিৰ্ণয় কৰা হ’ব। প্ৰথমে কথাটো চাব লাগিব যে বিষয়টো এতিয়া এটা তাত্ত্বিক প্ৰশ্ন হৈ পৰিছে নেকি আৰু গোচৰটোৰ শুনানি গ্ৰহণ কৰা হ’ব নে নাই।’’

চৰকাৰী পক্ষৰ হৈ উপস্থিত থাকি ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কয় যে,‘‘বাস্তৱতাৰ ক্ষেত্ৰত এই বিষয়টোৰ কোনো প্ৰাসংগিকতা নাই।যদি আদালতে তাত্ত্বিকভাৱে ইয়াৰ বিচাৰ কৰিব বিচাৰে তেন্তে চৰকাৰে সহযোগিতা কৰিব।’’

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments