ডিজিটেল ডেস্ক, ANEWS24X7: ৩১ অক্টোবৰত শুনানী গ্ৰহণ কৰা হ’ব ‘কা’ বাতিল বাবে তৰা গোচৰৰ । কা বাতিল সন্দৰ্ভত তৰা গোচৰৰ পুনৰ শুনানী গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে ।
‘কা’ বাতিলৰ বাবে ৰুজু কৰা গোচৰৰ অন্যতম গোচৰীয়া পক্ষ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ এটা দল শুনানীৰ বাবে উচ্চতম ন্যায়ালয়ত উপস্থিত হ’ব । ইতিমধ্যে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰাণা প্ৰতাপ বৰুৱা আৰু সাধাৰণ সম্পাদক পলাশ চাংমাইৰ নেতৃত্বত এটি দল আজি দিল্লীলৈ ৰাওনা হৈছে ।
উল্লেখ্য যে নাগৰিকত্ব সংশোধনী আইন গৃহিত হোৱাৰ পিছত অসমত তীব্ৰ প্ৰতিবাদ , আন্দোলন গঢ়ি তোলাৰ সমান্তৰালকে আছু , এজেৱাইচিপিকে আদি কৰি জাতীয় দল সংগঠন সমূহে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্ত হৈছিল ।
নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলত অসমত ৫ জনকৈ লোক ছহীদ হৈছিল ।