Friday, November 8, 2024
Homeৰাষ্ট্ৰীয়প্ৰেম কাহিনীৰ ভয়ংকৰ পৰিণতি 

প্ৰেম কাহিনীৰ ভয়ংকৰ পৰিণতি 

ডিজিটেল ডেস্ক, anews24x7: হিন্দু ছোৱালীক লৈ মুছলমান পুত্ৰ পলায়ন কৰাত বৃদ্ধ পিতৃ মাতৃক ওচৰ চুবৰীয়াই কৰিলে হত্যা। অভিযোগ অনুসৰি ২০২০ বৰ্ষতে নিহত আব্বাছৰ পুত্ৰ শৌকতে ওচৰৰে এগৰাকী যুবতীক লৈ পলায়ন কৰিছিল।সেই সময়ত যুবতী গৰাকী নাবালিকা আছিল আৰু এই অপৰাধত শৌকত জেলত থাকিব লগীয়া হৈছিল।

কিছুদিন পিছত যেতিয়া মৃত আব্বাছৰ পুত্ৰ শৌকত জেলৰ পৰা মুকলি হৈছিল, তাৰ পিছতে পুনৰ জুন মাহত নাবালিকা গৰাকীক লৈ পলায়ন কৰে। তেতিয়াই ওচৰৰে একাংশ লোকে শৌকতৰ পৰিয়ালৰ ওপৰত আক্ৰমণৰ পৰিকল্পনা কৰিছিল।অভিযোগ অনুসৰি এই প্ৰেম কাহিনীৰ বাবেই উত্তৰ প্ৰদেশৰ সীতাপুৰৰ বৃদ্ধ পিতৃ মাতৃ হালক ওচৰ চুবুৰীয়াই লোহাৰ ৰড আৰু লাঠিৰে প্ৰহাৰ কৰি হত্যা কৰে।হত্যা গোচৰৰ অপৰাধত ইতিমধ্যে তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছে সীতাপুৰ আৰক্ষীয়ে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments