Friday, November 8, 2024
Homeঅসম২৯ অক্টোবৰৰ পৰা তিনিদিনিয়াকৈ অনুষ্ঠিত কৰা হ’ব ‘শিলচৰ-চিলেট’ উৎসৱৰ

২৯ অক্টোবৰৰ পৰা তিনিদিনিয়াকৈ অনুষ্ঠিত কৰা হ’ব ‘শিলচৰ-চিলেট’ উৎসৱৰ

ডিজিটেল ডেস্ক, ANEWS24x7: ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰৰ উপলক্ষে আয়োজন কৰা ‘আজাদী কা অমৃত মহোৎসৱ’ আৰু বাংলাদেশৰ স্বাধীনতাৰ সোণালী জয়ন্তী উদযাপন উপলক্ষে শিলচৰ-চিলেট উৎসৱৰ আয়োজন ৷ দুয়োজন দেশৰ মাজৰ সম্পৰ্ক উন্নত কৰাৰ উদ্দেশ্যে ২৯ অক্টোবৰৰ পৰা ৩১ অক্টোবৰলৈ শিলচৰত তিনিদিনীয়াকৈ আয়োজন কৰা হৈছে এই উৎসৱ ৷

‘ইণ্ডিয়া ফাউণ্ডেশ্যন’ আৰু ‘ফ্ৰেণ্ডছ অফ বাংলাদেশৰ’ যৌথ উদ্যোগত অয়োজন কৰা হৈছে এই অনুষ্ঠানৰ ৷ উক্ত অনুষ্ঠানত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যৰ মুখ্যমন্ত্ৰী সকলৰ লগতে কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী উপস্থিত থকিব ৷ ইয়াৰ সমান্তৰালকৈ অনুষ্ঠানটোত বাংলাদেশৰ কেইবাগৰাকী মন্ত্ৰী সাংসদ উপস্থিত থাকিব ৷

এই সন্দৰ্ভত শিলচৰৰ বিজেপি সাংসদ ৰাজদীপ ৰয়ে মন্তব্য কৰি কয় যে , ‘‘এই অনুষ্ঠানটো দেশৰ স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে অসমত অনুষ্ঠিত হ’বলগীয়া প্ৰথমটো বিশাল আন্তঃদেশীয় উৎসৱ হ’ব। অনুষ্ঠানটোৰ জৰিয়তে কলা, সংস্কৃতি আৰু খাদ্যৰ সহযোগিতামূলক সম্পৰ্ক স্থাপন কৰাৰ উপৰিও দুয়োখন দেশৰ মাজত থকা ব্যৱসায়-বাণিজ্য, নদী ভাগ-বতৰাকে ধৰি বিভিন্ন সমস্যাসমূহৰ সমাধানৰ প্ৰচেষ্টা চলোৱা হ’ব।”

উল্লেখ্য যে বাংলাদেশৰ ‘ফ্ৰেণ্ডছ অফ বাংলাদেশ’ নামৰ সংস্থাটোৱে চুবুৰীয়া অঞ্চলসমূহৰ সৈতে বাংলাদেশৰ উন্নত সম্পৰ্ক গঢ়ি তোলাৰ বাবে প্ৰচেষ্টা চলাই আহিছে। আশা কৰা হৈছে এই অনুষ্ঠানৰ যোগেদি ভাৰত-বাংলাদেশৰ মাজৰ সম্পৰ্ক আৰু অধিক সুদৃঢ় হ’ব ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments