Tuesday, March 10, 2026
Homeঅসমনতুন অসমীয়া ছবি 'হোমৱৰ্ক'ৰ ট্ৰেইলাৰ মুকলি

নতুন অসমীয়া ছবি ‘হোমৱৰ্ক’ৰ ট্ৰেইলাৰ মুকলি

গুৱাহাটী, ১০ ছেপ্টেম্বৰ: গুৱাহাটীৰ পাঞ্জাবাৰীস্থ আইদেউ চিনেমা প্রেক্ষাগৃহত ২৬ ছেপ্তেম্বৰত সমগ্ৰ ভাৰতত মুক্তি হ’বলগীয়া নতুন অসমীয়া ছবি ‘ট্ৰেইলাৰ’ মুকলি কৰা হয়।
অসমীয়া আৰু হিন্দী ভাষাৰ ট্ৰেইলাৰ মুকলি অনুষ্ঠানত চলচ্চিত্র খনৰ প্রযোজক মুকেশ মোৰ,
পৰিচালক অচিন্ত শংকৰ,
অভিনেত্রী গায়ত্রী মহন্ত, অভিনেতা দেৱজিত মজুমদাৰ, সুৰ্যাংস জিউ মার্থেৰিটা, বৃত্তান্ত নয়ন কাশ্যপ সহিতে কেন্দ্রীয় মন্ত্রী পবিত্র মাৰ্ঘেৰিটাকে আদি কৰি বহু কেইগৰাকী প্রতিষ্ঠিত ব্যক্তি উপস্থিত থাকে। কলা-কুশলীৰ লগতে উপস্থিত থাকে বিশিষ্ট অভিনেত্রী চেতনা দাস, অভিনেত্রী মিনু বনিয়া অভিনেতা অৰুণ হাজৰিকা আদি। বিশিষ্ট অভিনেত্রী চেতনা দাস, অভিনেতা অৰুণ হাজৰিকাই ছবিখনৰ ট্ৰেইলাৰ মুকলি কৰে।

পৰিচালক অচিন্ত শংকৰে এই অনুষ্ঠানত কয় যে- উত্তৰ পৰ্বাঞ্চলৰ পৰা প্ৰথম বাৰৰ বাবে দুটা ভাষাত ( হিন্দী আৰু অসমীয়া)একে সময়তে মুক্তি দিব ওলোৱা এই চিনেমাখন চিনেডাবছ (Cinedubs) নামৰ এটা মোবাইল এপ ডাউনলোড কৰি এই সুবিধা লাভ কৰিব পাৰিব। চিনেডাব্ছ (Cinedubs)ৰ জৰিয়তে।
আপুনি ছবিঘৰলৈ গৈ ম’বাইল এপটোত নির্দিষ্ট চিনেমাখন বাছনি কৰিব পাৰিব। পৃথিৱীৰ যিকোনো ভাষাত নির্মিত চিনেমা কোনো অসুবিধা নোহোৱাকৈ অডিঅ ডাউনলোড কৰি অসমীয়া অথবা হিন্দী ভাষাত উপভোগ কৰিব পাৰি।আঞ্চলিক ভাষাত নির্মিত চিনেমাই প্লবেল প্রেক্ষাপটত উজ্জ্বলিবলৈ সুবিধা লাভ কৰিব।ছবিঘৰ সমূহেও অধিকতৰ দৰ্শকক আকৰ্ষিত 6কৰিব পাৰিব, কিয়নো একেটা শ্বতে বহু ভাষাত ছবিখন দর্শকৰ বাবে উপলব্ধ হ’ব।আটাইতকৈ উল্লেখনীয় উপযোগিতা হৈছে, চৰকাৰী নিয়ম অনুসৰি দৃষ্টিহীন আৰু মুক বধিৰ লোকৰ বাবে প্ৰয়োজনীয় Audio Description & Closed Captions ইয়াত সঠিক ৰূপত উপলব্ধ। মুক বধিৰ দৰ্শকৰ বাবে Audio Description থাকিব, চিনেমাৰ প্রতিটো কথা লিখিত ৰূপত দেখিব পাব। দৃষ্টিহীন দৰ্শকৰ বাবে Close Captions থাকিব, য’ত চিনেমাৰ প্ৰতিটো দৃশ্যাংশৰ হুবহু বর্ণনা থাকিব।
হোমৱৰ্কৰ কাহিনী এটি শিশুক লৈ আৰম্ভ হৈছে যদিও ই কেৱল শিশু চলচ্চিত্র নহয়। এই চিনেমাখনে প্ৰতিগৰাকী শিশুৰ বৰ্তমান আৰু ভবিষ্যতৰ কথা ক’ব, প্ৰতিগৰাকী অভিভাৱকৰ নিজৰ শৈশৱৰ কথা ক’ব আৰু সন্তানৰ বৰ্তমানটোক আৰু সুন্দৰ কৰাৰ কথা ক’ব। সন্তানৰ সুন্দৰ ভবিষ্যত লৈ সজাগ সকলো অভিভাৱক, ছাত্র-ছাত্রীক জ্ঞানৰ পোহৰ দিয়া শিক্ষা গুৰু, পঢ়া শুনাৰ পৰা আৰম্ভ কৰি সকলোতে প্রথম হ’বলৈ প্ৰতিযোগিতাত দৌৰি থকা শিশু আটায়েৰে বাবে উপযোগী চিনেমা ‘হোমৱর্ক’। কাহিনীৰ মূল নায়ক শিশু যদিও এই কাহিনীৰ প্ৰতিটো চৰিত্ৰই সমাজৰ বিভিন্ন স্তৰৰ লোকক সাঙুৰি লৈছে। প্রতিনিধিত্ব কৰিছে বিভিন্ন বয়স আৰু বৃত্তিৰ মানুহক।ছবিখনে ২৬ চেপ্তেম্বৰত ছেপ্তেম্বৰত মুক্তি পাব যদিও, ইতিমধ‍্য ছবিখনে কেবাখন চলচিত্র সমাৰোহত প্রশংসা আৰু বঁটা পাবলৈ সক্ষম হৈছে। ইয়াৰ ভিতৰত ৰামেশ্বৰম আন্তর্জাতিক চলচ্চিত্ৰ মহোৎসৱ, গোৱা আন্তর্জাতিক চলচ্চিত্ৰ প্রতিযোগিতা, টামিজগাম আন্তর্জাতিক চলচ্চিত্ৰ মহোৎসৱ, উৰুৱতী আন্তর্জাতিক চলচ্চিত্ৰ মহোৎসৱত ক্রমে শিশু অভিনেতা, শ্রেষ্ঠ ছবি আদি শিতানত বঁটা লাভ কৰিছে।
উল্লেখ‍্য, কেন্দ্ৰীয় মন্ত্ৰী
পবিত্র মাৰ্ঘেৰিটাই ছবিখনৰ ট্ৰেইলা চাই ছবিখনে শিশু, শিকক, অভিভাৱক আটাইতৰে বাবে উপযোগী বুলি কয়।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments