ডিজিটেল ডেস্ক, ANEW3S24X7: ভিলেজ ৰ’কষ্টাৰ, বুলবুল কেন ছিঙৰ দৰে ছবিৰ অপাৰ সফলতাৰ পাছত এইবাৰ ছবিগৃহলৈ আহিবলৈ সাজু ৰীমা দাসৰ নতুন ছবি তৰা’ছ হাজবেণ্ড। আজি গুৱাহাটীৰ হোটেল গেটৱে গ্ৰেণ্ডত মুকলি কৰা হয় বহু প্রতিক্ষিত ছবিখনৰ ট্রেইলাৰ। ইতিমধ্যে দেশ-বিদেশে প্রশংসা বুটলিবলৈ সক্ষম হৈছে ছবিখনে। দেশ- বিদেশৰ বহুকেইখন সম্মানীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছে ছবিখন।
২০২২ টৰ’ন্টো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ প্ৰতিযোগিতা শাখাত ৱৰ্ল্ড প্ৰীমিয়াৰ হয় ছবিখনৰ। একেদৰে বুছান চলচ্চিত্ৰ মহোৎসৱত এছিয়ান প্ৰামিয়াৰ সম্পন্ন হয় তৰা’ছ হাজবেণ্ডৰ। ২০২২ত বেংককত অনুষ্ঠিত বিশ্ব চলচ্চিত্র মহোৎসব, হেইনান আইলেও ইন্টাৰনেচনল ফিল্ম ফেষ্টিভেলতো প্রদর্শিত হয় ছবিখন। একেটা বৰ্ষতে অনুষ্ঠিত হোৱা কলকাতা চলচ্চিত্ৰ মহোৎসৱত ছবিখনৰ ইণ্ডিয়ান প্ৰীমিয়াৰ হৈ যায়।
২০২৩ বৰ্ষত এই পর্যন্ত পুনে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱ, অ’চাকা এছিয়ান চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছে ছবিখন। চলচ্চিত্ৰ মহোৎসৱত দেশী-বিদেশী চলচ্চিত্রপ্রেমী তথা সমালোচকৰ দ্বাৰা উচ্চভাবে প্রশংসিত হৈছে তৰা’ছ হাজবেণ্ড! উল্লেখ্য যে, লডাউনৰ সময়ত সন্মুখীন হোৱা অভূতপূর্ব জটিল সামাজিক প্ৰতিচ্ছবিক তুলি ধৰিবলৈ চেষ্টা কৰা হৈছে ছবিখনৰ জৰিয়তে।
ছবিখনৰ নায়ক তৰাৰ স্বামী জান এগৰাকী মৰমিয়াল পিতৃ হোৱাৰ লগতে এগৰাকী সুহৃদ চুবুৰীয়াও! লডাউনৰ সময়ত এখন সৰু চহৰত তৰাৰ স্বামী জ্ঞানৰ নিজৰ ক্ষুদ্ৰ ব্যৱসায় চলাই নিয়াৰ সংগ্ৰাম তথা একে সময়তে প্রিয় আপোনজনৰ সৈতে সম্পৰ্কৰ অৱনতি ছবিখনৰ মূল উপজীব্য বিষয়। লকডাউনে কঢ়িয়াই অনা অনিশ্চয়তা, জীৱন-মৰণৰ যুঁজ, ইয়াৰ মাজতে জীবন সংগ্রাম চলাই যোৱাৰ কাহিনীৰে ৰীমা দাসৰ সুনিপুন পৰিচালনাত প্ৰাণ পাই উঠিছে তাৰা’ছ হাজবেণ্ড ছবিখনে।