ডিজিটেল ডেস্ক, ANEWS24X7: চলি আছে সংসদত শীতকালীন অধিবেশন ৷ এই সময়চোৱাত বিৰোধী দল সমূহক একত্ৰিত হ’বলৈ আহ্বান জনাইছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ৷ বিৰোধী দল সমূহক একত্ৰিত হৈ শাসকীয়ে বিজেপিৰ বিৰুদ্ধে স্থিতি গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ৰাহুল গান্ধীয়ে ৷
বুধবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে তৃণমূল কংগ্ৰেছৰ লোকসভাৰ নেতা সুদীপ বেনাৰ্জী আৰু ৰাজ্যসভাৰ নেতা ডেৰেক অব্ৰাইনলৈ এই সন্দৰ্ভত এক পত্ৰ প্ৰেৰণ কৰিছে ৷ পত্ৰখনৰ যোগেদি ৰাহুল গান্ধীয়ে ভাৰত জোড়ো যাত্ৰাৰ বাবে সমৰ্থন বিচাৰিছিল তৃণমূল কংগ্ৰেছৰ পৰা ৷ ৰাহুল গান্ধীৰ এই প্ৰস্তাৱ নাকচ কৰিছে তৃণমূল কংগ্ৰেছৰ নেতৃত্বয় ৷
ইয়াৰ ফলত বিৰোধী শিবিৰত কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছৰ মাজত দূৰত্ব বৃদ্ধি পাইছে ৷ কংগ্ৰেছৰ এই সমন্বয়ৰ প্ৰস্তাৱ নাকচ কৰাকলৈ এতিয়া দেশৰ ৰাজনীতিত তীব্ৰ চৰ্চাৰ সৃষ্টি হৈছে ৷