ডিজিটেল ডেস্ক, anews24x7: গোলাঘাটৰ ট্ৰিপল মাৰ্ডাৰ কাণ্ডৰ ভুক্তভোগী পৰিয়ালৰ কাষত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। পুৱাই গোলাঘাটত উপস্থিত হৈ ভুক্তভোগী পৰিয়ালক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। হত্যাৰ বলি হোৱা সংঘমিত্ৰা ঘোষৰ ভগ্নী অংকিতা ঘোষক সাক্ষাৎ কৰে হিমন্ত বিশ্ব শৰ্মাই। সমগ্ৰ ঘটনাৰ বুজ লৈ সংবাদ মাধ্যমৰ আগত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰিলে মুখ্যমন্ত্ৰী ড০ শৰ্মাই।
গোলাঘাটৰ ঘটনাক লাভ জেহাদৰ পৰিণতি আখ্যা মুখ্যমন্ত্ৰীৰ। ঘটনাৰ দ্ৰুত তদন্তৰ আশ্বাস ভুক্তভোগী পৰিয়ালক। ১৫ দিনৰ ভিতৰত এই ঘটনাৰ চাৰ্জশ্বীট দাখিল কৰা হ’ব। ক্ষীপ্ৰ গতিত চলিছে ঘটনাৰ তদন্ত। দোষীয়ে উচিত শাস্তি পাব। ফাষ্ট ট্ৰেক আদালতত হ’ব ঘটনাৰ বিচাৰ। নিয়োগ কৰা হ’ব বিশেষ চৰকাৰী অধিবক্তা।‘‘সংঘমিত্ৰাক ড্ৰাগছ দিয়াৰ ঘটনাৰ তদন্ত হ’ব লাগিছিল। তদন্তকাৰী বিষয়া সঞ্জীৱ সান্যালে তদন্তত গাফিলতি কৰিছিল। তেতিয়াই তদন্ত কৰা হ’লে ইমানখিনি নহ’লহেঁতেন।’’