ডিজিটেল ডেস্ক, ANEWS24X7: বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে অহা ১ ফেব্ৰুৱাৰীত সংসদত উত্থাপন কৰিব বাজেট ৷ বাজেট উত্থাপনৰ পূৰ্বে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে বেংক কৰ্মচাৰী সকলে ৷
অহা ৩০ আৰু ৩১ জানুৱাৰীত দুদিনীয়া ধৰ্মঘট কাৰ্যসূচী ঘোষণা কৰিছে চৰকাৰী বেংক কৰ্মচাৰী সকলে ৷ মুম্বাইত অনুষ্ঠিত ইউনাইটেড ফ’ৰম অৱ বেংক ইউনিয়নৰ সভাত গ্ৰহণ কৰা হয় এই সিদ্ধান্ত ৷
বেংক সংস্থা সমূহে পাঁচ দিনৰ বেংকিং পেনচন আপডেট কৰা , ৰাষ্ট্ৰীয় পেঞ্চন নীতি বিলুপ্ত কৰা , দৰমহা বৃদ্ধি কৰা আদি কেইবাটাও দাবীত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে ৷ বেংক কৰ্মচাৰী সকলৰ এই প্ৰতিবাদৰ ফলত দেওবাৰ , সোমবাৰ আৰু মঙলবাৰ এই তিনিদিন বেংক বন্ধ থাকিব ৷ ইয়াৰ ফলত সাধাৰণ জনতাৰ ওপৰত ব্যাপক প্ৰভাৱ পৰিব ৷