Wednesday, March 11, 2026
Homeঅসমদুদিনীয়া কাৰ্যসূচীৰে পঞ্জাব নেচনেল বেংকৰ উত্তৰ পূৰ্বাঞ্চলৰ কৰ্মচাৰী সন্থাৰ অধিবেশন

দুদিনীয়া কাৰ্যসূচীৰে পঞ্জাব নেচনেল বেংকৰ উত্তৰ পূৰ্বাঞ্চলৰ কৰ্মচাৰী সন্থাৰ অধিবেশন

 

গুৱাহাটী, ২৬ ছেপ্টেম্বৰঃ পঞ্জাব নেচনেল বেংকৰ উত্তৰ পূৰ্বাঞ্চলৰ কৰ্মচাৰী সন্থাৰ ১৫ সংখ্যক সন্মিলনখন অহা ১ আৰু ২ অক্টোবৰত গুৱাহাটীৰ খানাপাৰাস্থিত গ্ৰীনউড ৰিজৰ্টত অনুষ্ঠিত হ’ব। ১ অক্টোবৰত অনুষ্ঠিতব্য মুকলি অধিৱেশনখন উদ্বোধন কৰিব অসম প্ৰাদেশিক বেংক কৰ্মচাৰী সন্থাৰ সাধাৰণ সম্পাদক গৌৰৱ শৰ্মাই।

সভাত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰিব পঞ্জাৱ নেচনেল বেঙ্ক কৰ্মচাৰী সন্থাৰ সৰ্ব্বভাৰতীয় সাধাৰণ সম্পাদক পৃথ্বিৰাজ মেহতাই। এইসকলৰ উপৰিও পঞ্জাৱ নেচনেল বেঙ্ক কৰ্মচাৰী সন্থাৰ সৰ্ব্বভাৰতীয় সভাপতি মহিন্দৰ পাল সিং প্ৰমুখ্যে কেইবাজনো বিশিষ্ট ব্যক্তিয়ে সভাত যোগদান কৰিব।

২ তাৰিখে অনুষ্ঠিত হ’বলগীয়া প্ৰতিনিধি সভাত পঞ্জাব নেচনেল বেঙ্ক, উত্তৰ পূৰ্বাঞ্চলৰ সকলো শাখাৰ প্ৰতিনিধি তথা পৰ্যবেক্ষকে অংশগ্ৰহণ কৰিব। উক্ত সন্মিলনৰ মুকলি অধিৱেশনত সমূহ ৰাইজক বিশেষকৈ বেঙ্ক কৰ্মচাৰীসকলক উপস্থিত থাকিবলৈ পঞ্জাৱ নেচনেল বেঙ্ক কৰ্মচাৰী সন্থাৰ অভ্যৰ্থনা সমিতিয়ে বিনম্ৰ অনুৰোধ জনাইছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments