Friday, November 8, 2024
Homeঅসমঅসমীয়া বাতৰি প্ৰত্যাহাৰ সন্দৰ্ভত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়লৈ ফোন কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ...

অসমীয়া বাতৰি প্ৰত্যাহাৰ সন্দৰ্ভত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়লৈ ফোন কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

ডিজিটেল ডেস্ক,ANEWS24X7: আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ পৰা আঞ্চলিক ভাষাৰ গোট উঠাই নিয়া বিষয় সন্দৰ্ভত আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ বিষয়ববীয়াসকলৰ সৈতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এক আলোচনাত মিলিত হয় ৷

বুধবাৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড়স্থিত নিজা বাসগৃহত আকাশবাণী কেন্দ্ৰটোৰ বিষয়ববীয়া সকলৰ সৈতে অসমীয়া বুলেটিন বন্ধ কৰাৰকে আদি কৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনাত মিলিত হয় ৷


এই আলোচনা কালতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব অপূৰ্ব চন্দ্ৰাক টেলিফোন কৰি আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ পৰা আঞ্চলিক ভাষাৰ বাতৰি উঠাই নিয়াৰ বিষয়টোক পুনৰ বিবেচনা কৰিবৰ বাবে আহ্বান জনায় ৷

এই সন্দৰ্ভত প্ৰয়োজনীয় ব্যৱস্থা ক্ষীপ্ৰতাৰে গ্ৰহণ কৰিবলৈও আহ্বান জনাইছে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ক ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments