ডিজিটেল ডেস্ক, ANEWS24X7: কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰালয়ৰ বৃহৎ ঘোষণা । নতুন যাত্ৰীবাহী নিয়ম অনুসৰি বাহনত ৬টা এয়াৰবেগ থকাটো বাধ্যতামূলক। এই নতুন নিয়ম ১ অক্টোবৰ ২০২৩ৰ পৰা কাৰ্যকৰী কৰা হ’ব । এই কথা ঘোষণা কৰিছে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গডকাৰীয়ে।
কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে কয় যে ,‘‘আমাৰ একমাত্ৰ লক্ষ্য হৈছে গাড়ীৰ মূল্য নিৰ্বিশেষে প্ৰতিজন যাত্ৰীৰ সুৰক্ষা নিশ্চিত কৰা। অহা ১ অক্টোবৰ ২০২৩ৰ পৰা যাত্ৰীবাহী বাহনত কমেও ৬ টা এয়াৰবেগ থকাটো বাধ্যতামূলক কৰা হৈছে ।’’
উল্লেখ্য যে টাটা গ্ৰুপৰ প্ৰাক্তন অধ্যক্ষ চাইৰাছ মিস্ত্ৰীৰ এক পথ দুৰ্ঘটনাত মৃত্যু হোৱাৰ পিছতে কঠোৰ কৰা হৈছে কেইবাটাও পথ সুৰক্ষা আইন৷চাৰিচকীয়া বাহনৰ পিছৰ চিটত বহা যাত্ৰী সকলৰ ক্ষেত্ৰটো চিটবেল্ট পিন্ধাটো বাধ্যতামূলক কৰা হৈছিল ৷ এই নিয়ম উলংঘা কৰিলে জৰিমনা বিহাৰো ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰে ৷