Tuesday, July 8, 2025
Homeআন্তঃৰাষ্ট্ৰীয়ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত ৰাছিয়াক লক্ষ্য কৰি ল'লে আমেৰিকাই

ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত ৰাছিয়াক লক্ষ্য কৰি ল’লে আমেৰিকাই

ডিজিটেল ডেস্ক, ANEWS24X7:ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত ৰাছিয়াক লক্ষ্য কৰি লয় আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে ৷ ‘‘ ৰাছিয়ান সেনাই ইউক্ৰেইনত নিৰ্মম অত্যাচাৰ কৰি আছে ৷ ৰাছিয়া বাহিনীয়ে ইউক্ৰেইনৰ বিদ্যালয় , ৰেল ষ্টেচন আৰু চিকিৎসালয় সমূহত আক্ৰমণ কৰি আছে ৷’’ এই দাবী কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে ৷

বাইডেনে লগতে কয় যে , ‘‘ ৰাছিয়াৰ দখলৰ পৰা মুক্ত কৰা অঞ্চলসমূহৰ পৰা কেইবাটাও গণকবৰ উদ্ধাৰ কৰা হৈছে ৷ গণকবৰ সমূহৰ পৰা উদ্ধাৰ হোৱা মৃতদেহ সমূহত অত্যাচাৰৰ লক্ষণ স্পষ্ট হৈ আছে ৷ এই ঘটনাই ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সেনাৰ নিৰ্লজ্জ আচৰণ প্ৰমাণ কৰিছে ৷ ইউক্ৰেইনৰ পৃথক দেশ হিচাপে থকা অস্তিত্ব আৰু অধিকাৰ খৰ্ব কৰাৰ লক্ষ্য কৰি লৈছে মস্কোৱে ৷ৰাছিয়াই ৰাষ্ট্ৰসংঘৰ চনটৰ মূল নীতি উলংঘা কৰিছে ৷ পুটিন বাহিনীয়ে ইচ্ছাকৃতভাৱে ইউক্ৰেইনৰ লোক সকলক লক্ষ্য কৰি লৈছে ৷’’

আনহাতে বুধবাৰে ইউক্ৰেইন সীমান্তত বৃহৎ সেনা মোতায়ন কৰাৰ কথা ঘোষণা কৰিছে ৷ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জোচেফ ষ্টেলিনৰ পিছত প্ৰথম বাৰৰ বাবে ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে আনুষ্ঠানিক ভাবে সামৰিক দল ঘোষণা কৰিছে ৷ ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে কয় যে ,‘‘ৰাছিয়াৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি পশ্চিমীয়া দেশ সমূহে ষড়যন্ত্ৰ কৰি আহিছে ৷ আঞ্চলিক অখণ্ডতাৰ ওপৰত কোনো আক্ৰমণ হলে ৰাছিয়া নীৰৱ হৈ নাথাকিব ৷ প্ৰয়োজনত সকলো শক্তিৰে প্ৰতিৰোধ কৰা হ’ব ৷’’

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments