ডিজিটেল ডেস্ক, ANEWS24X7: হেকাৰৰ চকু ক’ভিড সাহাৰ্য্য পুঁজি ৷ চাইবাৰ আক্ৰমণৰ বলি হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ ৷ চীনৰ হেকাৰে চুৰি কৰিলে আমেৰিকাৰ ক’ভিড সাহাৰ্য্য পুঁজিৰ লাখ লাখ টকা ৷
এই চাইবাৰ আক্ৰমণৰ লগত জড়িত চীনা হেকাৰ গ্ৰুপটোক ‘APT41’ বা ‘Wintee’ বুলি জনা যায় ৷ আমেৰিকাৰ গোপন সেৱাই প্ৰকাশ কৰিছে এই আক্ৰমণৰ খবৰ ৷ এই হেকাৰৰ গ্ৰুপটোৱে আক্ৰমণৰ লক্ষ্য কৰি লৈছে আমেৰিকা যুক্তৰাষ্ট্ৰক ৷
বিগত সময়োচোৱাত আমেৰিকাৰ বিভিন্ন চৰকাৰী ৱেবছাইটত আক্ৰমণ কৰি ধন চুৰি কৰি নিবলৈ সক্ষম হৈছে ৷ এই গ্ৰুপটোৰ বিৰুদ্ধে আমেৰিকাই ২০১৯ আৰু ২০ চনত চোৰাংচোৱাগিৰিৰ অভিযোগ উত্থাপন কৰিছে ৷
আমেৰিকাই অভিযোগ উত্থাপন কৰিছে যে চীনে টেলিকমিউনিকেচন, ভিডিঅ’ গেম, চফটৱেৰ ডেভেলপমেণ্ট, ছ’চিয়েল মিডিয়া ফাৰ্মকে ধৰি শতাধিক কোম্পানীৰ জৰিয়তে আমেৰিকাত চোৰাংচোৱাগিৰি কৰিছে ৷ এই কামবোৰৰ লগত চীন চৰকাৰ জড়িত আছে ।