ডিজিটেল ডেস্ক, ANEWS24X7: ক্ৰমাত আৰু অধিক জটিলতাৰ দিশে গতি কৰিছে ৰাছিয়া আমেৰিকাৰ শত্ৰুতাই৷ৰাছিয়াই ইউক্ৰেইনৰ পৰা দখল কৰা চাৰিটা আঞ্চল ক্ৰমে ডনেটস্ক, লুহানস্ক, জাপোৰিজিয়া আৰু খেৰছনত গণভোট আয়োজন কৰি শুক্ৰবাৰে একত্ৰিকৰণ কৰাৰ পিছতে ৰাছিয়াৰ বিৰুদ্ধে গৰজি উঠে আমেৰিকা।আমেৰিকাই ৰাছিয়াৰ ওপৰত অতি সোনকালে কঠোৰ নিষেধাজ্ঞা আৰোপ কৰাৰ কথা ঘোষণা কৰে।
শুক্ৰবাৰে আমেৰিকাই এক বিবৃতি দি কয় যে ,‘‘আমেৰিকা যুক্তৰাষ্ট্ৰই ৰাছিয়াৰ বিৰুদ্ধে অধিক গুৰুতৰ নিষেধাজ্ঞা আৰোপ কৰিবলৈ আগবঢ়িছে৷কেৱল ইমান নহয় আন কোনো দেশে ইউক্ৰেইনৰ ভূখণ্ডত ৰাছিয়াৰ দখলক সমৰ্থন কৰিলে তেওঁলোকৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব৷’’
আমেৰিকাৰ এই সতৰ্ক বাণীৰ পিছতে এতিয়া শংকিত হৈ পৰিছে ৰাছিয়াৰ লগত সুসম্পৰ্ক থকা সৰু সৰু ৰাষ্ট্ৰসমূহ৷ আনহাতে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে একত্ৰিকৰণ অনুষ্ঠানৰ পৰা বিশ্ববাসীলৈ বাৰ্তা প্ৰেৰণ কৰিছে৷পুটিনে বিশ্ববাসীক উদেশ্যি কয় যে,‘‘আমেৰিকা আৰু ইয়াৰ মিত্ৰশক্তিয়ে উপনিবেশ স্থাপন কৰাৰ চেষ্টা কৰি আহিছে৷আমেৰিকাই ভাৰত,আফ্ৰিকা আৰু চীনক লুণ্ঠন কৰিছে৷আমি গৌৰৱান্বিত যে আমি তেওঁলোকক আন কোনো দেশ লুণ্ঠন কৰিবলৈ অনুমতি দিয়া নাই।’’