ডিজিটেল ডেস্ক, ANEWS24X7: কেন্দুকোণাত সংঘটিত হোৱা দুৰ্ঘটনাৰ দোষী চিকিৎসকক গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে। সুৰাসক্ত চিকিৎসকজনক কৰায়ত্ত নকৰাৰ বাবে স্থানীয় ৰাইজে কৰা পথ অৱৰোধত আৰক্ষী অধীক্ষকে ৰাইজক ১২ ঘণ্টাৰ ভিতৰত চিকিৎসক জনক কৰায়ও কৰাৰ প্রতিশ্রুতি দিছিল। ঠিক সেই প্ৰতিশ্ৰুতি মৰ্মেই ৪ ঘন্টাৰ ভিতৰতে বিশেষ আৰক্ষী দলে কৰায়ত্ত কৰে আত্মগোপন কৰি থকা চিকিৎসক নগেন চন্দ্র হুজুৰিক ৷
ইপিনে গুৱাহাটীৰ পৰা চিকিৎসকজনক কৰায়ত্ত কৰি বৰ্তমান বাইহাটা চাৰিআলিৰ আৰক্ষী থানালৈ অনা হৈছে ৷
এজন নিচাসক্ত চিকিৎসকৰ বাবেই কৰুণ মৃত্যুক সাৱটিলে প্ৰথম শ্ৰেণীত অধ্যয়ণত অবিনাশ দাস আৰু গায়ত্ৰী দাসে । কমলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত কেন্দুকোনাত মঙ্গলবাৰে সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা। কেন্দুকোণাৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত সুৰাসক্ত এজন চিকিৎসকে তীব্ৰ বেগী বাহনেৰে দুই ভাতৃ ভগ্নী সহ চাৰিজনক মহটিয়াই নিয়ে।
ইপিনে সুৰাৰ ৰাগীত মাতাল চিকিৎসক নগেন চন্দ্ৰ ভৰালীৰ বাহন এখনেৰে নলবাৰী অভিমুখে গৈ থকা অবস্থাত এইহাল ভাতৃ ভগ্নীৰ লগতে এগৰাকী লগৰীয়া সহ এজন ফেৰিৱালাক মহটিয়াই নিয়াৰ উপৰিও পথৰ দাঁতিত ৰৈ থকা এগৰাকী ফেৰিৱালাকো মহটিয়াই নিয়ে যাৰ ফলত গুৰুত্বৰ ভাৱে আঘাতপ্ৰাপ্ত কেইগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও গায়ত্ৰী দাস আৰু ভাতৃ অবিনাশ দাসে মৃত্যুক সাৱতি ল’ব লগা হোৱাত পৰিয়ালৰ লগতে সমগ্ৰ কেন্দোকোনা অঞ্চলতে এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে।