Thursday, November 7, 2024
Homeঅসম'প্ৰেমত সংঘাত আহিব পাৰে, প্ৰেম বিশ্বাসৰ ওপৰত চলে'

‘প্ৰেমত সংঘাত আহিব পাৰে, প্ৰেম বিশ্বাসৰ ওপৰত চলে’

ডিজিটেল ডেস্ক, ৯ছেপ্তেম্বৰ:  শংকৰ জ্যোতি বৰুৱাৰ বিৰুদ্ধে যুৱতীৰ গুৰুতৰ অভিযোগ, উত্তৰ দিলে আছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে।

শংকৰ জ্যোতি বৰুৱাই মন্তব্য কৰে ‘‘আচলতে সকলো মানুহে প্ৰেম কৰে, প্ৰেম ভালকৈ চলি থকাৰ সময়ত যিখিনি কথা-বতৰা হয় সেই গোটেইখিনি কথা মই স্বীকাৰ কৰিছোঁ। পৰৱৰ্তী সময়ত যিখিনি কথা-বতৰা আহিছে, প্ৰেমত সংঘাত আহিব পাৰে, প্ৰেম বিশ্বাসৰ ওপৰত চলে। প্ৰেমৰ মধুৰ সম্পৰ্ক প্ৰেম কৰা মানুহে জানে।

মই গোটেইখিনি কথা কৈ থাকিব বিচৰা নাই। আদালতৰ মজিয়াতো কথাখিনি ক’ব লাগিব। এইটো অভিযোগ হয়, অভিযোগ আহিছে। অভিযোগ অহাৰ লগে-লগে যদি মই দোষী প্ৰমাণিত হৈ যাওঁ তেন্তে আইন, আদালত, পুলিচ এইবিলাক নালাগিলেহেঁতেন। মই কোনোবা এগৰাকীৰ বিৰুদ্ধে কৈ দিলোঁ হয়, মোক গুলীয়ালে, যদি মানুহে তাতে ন্যায় দিব পাৰিলেহেঁতেন আইন, আদালত, ক’ৰ্ট-কেছ নাথাকিলেহেঁতেন।’’

‘‘মোৰ বিৰুদ্ধে অভিযোগ আহিছে, অভিযোগ অহাৰ পিছতে ক’ৰ্টলৈ মই অভিযোগ খণ্ডনৰ বাবে গৈছোঁ। মোক অগ্ৰিম জামিন দিছে। গোটেই প্ৰক্ৰিয়াটো আদালতৰ জৰিয়তে আগবাঢ়ি যাব। যি দোষী সি আচলতে শাস্তি পাব। মোৰ যিখিনি ক’বলগীয়া আছে, মই কৈ আছোঁ। মোৰ বিৰুদ্ধে যিবোৰ ব্যক্তিগত কথা কৈ দিয়া হৈছে, (কিন্তু) ব্যক্তিগত কথা সামাজিক মাধ্যমত কৈ দিয়াৰ মানসিকতা মোৰ নাই। সেই মানসিকতাৰ পৰিচয় মই নিদিওঁ। মোৰ যিখিনি কথা ক’ব লগা আছে মই ন্যায়ালয়ত ক’ম। ন্যায়ালয়ে উচিত বিচাৰ দিব।’’

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments