তীৰ্থ বৰা, নগাঁও: যোৱা ১৫ আগষ্টত অসম আৰক্ষীয়ে কৰা ভুলৰ বাবে অসমবাসী ৰাইজৰ ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰিব লগীয়া হৈছিল আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে। ইয়াৰ পাছতো শিক্ষা নললে একাংশ বদমেজাজৰ আৰক্ষীয়ে।
একাংশ ৰাইজে খেদি আহিছে আৰক্ষী বিষয়া জনক। কিন্তু এজন আৰক্ষী বিষয়াক ৰাজপথত ৰাইজে খেদিব লগীয়া হ‘ল কি ? এতিয়া শুনক আচল কাহিনী।
নগাঁও বেবেজীয়া আৰক্ষী চকীৰ অৰুন দাস নামৰ পুলিচ জন বহু বছৰ ধৰি বদলি নোহোৱাকৈ আছে বেবেজীয়া আৰক্ষী চকীতে। যাৰ বাবে তেওঁ আৰক্ষীৰ বিপৰীতে অঞ্চলটোৰ অভিভাৱকৰ দায়িত্ব বেছিকৈ পালন কৰে। বুধবাৰে এটা ব্যক্তিগত কোম্পানীত চাকৰি কৰা কেইজন মান যুৱকে বেবেজীয়া চাৰিআলিৰত এখন পান দোকানত চিগাৰেট কিনাকলৈ আৰক্ষী খুড়াদেও খং উঠিল। খঙত ৰব নোৱাৰি যুৱক কেইজন চৰো সুধালে আৰক্ষী অৰুন দাসে। কিন্তু কোনো কাৰণ নথকাকৈ পানদোকে পানদোকানে আড্ডা জমাই ফোৰা অৰুন দাসৰ শেষৰ অৱস্থা এয়া। যুৱকৰ দলে খেদি নি থৈ আহিলেগৈ থানাত। পিছত যুৱক সকলে আৰক্ষী চকী ঘেৰাও কৰি প্ৰতিবাদ আৰম্ভ কৰে যদিও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ হস্তক্ষেপত বিষয়টো মিমাংসা হয়।
