ডিজিটেল ডেস্ক,ANEWS24X7: আমেৰিকা যুক্তৰাষ্ট্ৰই আজি আনুষ্ঠানিক বিবৃত্তি জাৰি কৰি কয় যে ৰুছ-ইউক্ৰেইন যুদ্ধ এতিয়াও বন্ধ কৰিব পাৰি। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনক ইউক্ৰেইন যুদ্ধ সমাপ্ত কৰিবলৈ সৈমান কৰিব পাৰিবনে বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত হোৱাইট হাউচৰ ৰাষ্ট্ৰীয় সুৰক্ষা পৰিষদৰ মুখপাত্ৰ জন কাৰ্বিয়ে কয়, “মই ভাবো পুটিনক এতিয়াও যুদ্ধ বন্ধ কৰিবলৈ সৈমান কৰিব পৰা যাব। মই ভাবো তাৰ বাবে এতিয়াও সময় আছে। মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ যিকোনো প্ৰচেষ্টাক সমৰ্থন কৰিম। আমেৰিকা যুক্তৰাষ্ট্ৰই ইউক্ৰেইনত শত্ৰুতা সমাপ্ত কৰাৰ যিকোনো প্ৰচেষ্টাক আদৰণি জনাব।”
ইউক্ৰেনৰ তৰফৰ পৰা কালি ৰাছিয়াই পুনৰ দেশখনত বিমান আক্ৰমণ বৃদ্ধি কৰাৰ দাবী কৰিছে। একে সময়তে, মাৰ্কিন ৰাষ্ট্ৰপতি জো বিডেনে ঘোষণা কৰিছে যে তেওঁ ৰাছিয়াৰ ইউক্ৰেইণ আক্ৰমণৰ এবছৰ সম্পূৰ্ণ কৰা সময়ছোৱাত ইউক্ৰেইণৰ ৰাজধানী কিয়েভৰ চুবুৰীয়া ইউৰোপীয় দেশ পোলেণ্ড ভ্ৰমণ কৰিব। ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ উপদেষ্টা অজিত ডোভালে ৰুছ ৰাজধানী মস্কোত ৰাষ্ট্ৰপতি পুটিনৰ সৈতে বৈঠকত মিলিত হোৱাৰ কেইদিনমান পিছতেই হোৱাইট হাউচৰ বিবৃতিটো আহিছিল।
যোৱা বছৰ ছাংহাই সহযোগিতা সংস্থাৰ সন্মিলনৰ সময়ত প্ৰধানমন্ত্ৰী মোডীয়ে পুটিনক কৈছিল, “আজিৰ যুগ যুদ্ধৰ নহয় আৰু মই এই সন্দৰ্ভত আপোনাৰ সৈতে কথা পাতিছো। আজি আমি শান্তিৰ পথত কেনেদৰে আগবাঢ়িব পাৰোঁ সেই বিষয়ে কথা পাতিবলৈ সুযোগ পাব,” তেওঁ কয়।
আমেৰিকাই কৈছে যে ইউক্ৰেইনৰ ধ্বংসৰ বাবে পুটিন দায়ী। “ইউক্ৰেইনৰ লোকসকলৰ সৈতে যি ঘটিছে তাৰ বাবে দায়ী ব্যক্তিজন হৈছে ভ্লাদিমিৰ পুটিন
আৰু তেওঁ এতিয়াই ইচ্ছা কৰিলে আক্ৰমণ বন্ধ কৰিব পাৰে,” কিৰ্বিয়ে আজি তেওঁৰ দৈনিক সংবাদ মেলত এই দাবী কৰে৷
কিন্তু ইয়াৰ পৰিৱৰ্তে, ৰাষ্ট্ৰপতি পুটিনে ইউক্ৰেইনৰ শক্তি আন্তঃগাঁথনিত ক্ৰুজ মিছাইল নিক্ষেপ কৰিছে। তেওঁলোকে ইউক্ৰেইনৰ আন্তঃগাঁথনি ধ্বংস কৰি আছে, যাৰ ফলত ইউক্ৰেইনৰ লোকসকলৰ দুখ-কষ্ট বৃদ্ধি পাইছে।
ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কথা শুনি ৰাছিয়াৰ ৰাষ্ট্ৰপতি গৰাকীয়ে যদি ইউক্ৰেইন আক্ৰমণ বন্ধ কৰে তেন্তে নিশ্চিতভাৱে ভাৰতৰ বাবে এইয়া হ’ব ইতিবাচক খবৰ৷