ডিজিটেল ডেস্ক, ANEWS24X7: আজিৰে পৰা গুৱাহাটীত তিনিদিনীয়া কাৰ্যসূচীৰে জি-২০ৰ অধীনত ৱাই-২০ ৰ আৰম্ভণি বৈঠক অনুষ্ঠিত হ’ব। আই আই টি-গুৱাহাটীৰ চৌহদত এই বৈঠকৰ আয়োজন কৰা হৈছে।
ইপিনে এই সন্মিলনে ছাত্ৰ-ছাত্ৰীসকলক বিশ্বৰ দৰ্শকলৈ নিজৰ মতামত প্ৰকাশৰ সুযোগ প্ৰদান কৰিব। আনাতে কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী অনুৰাগ সিং ঠাকুৰে ৱাই- ২০ৰ প্ৰতিনিধিসকলৰ সৈতে ‘ইয়ুথ ডায়লগ’ত ভাগ লৈ ভিন্ন বিষয়বস্তু সন্দৰ্ভত শ্বেতপত্ৰ মুকলি কৰিব।
ইফালে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসমৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষাবিদসকলৰ গৱেষণা পত্ৰও উপস্থাপন কৰিব। আইআইটি, গুৱাহাটীত কাৰিকৰী অধিৱেশন আৰু আলোচনা অনুষ্ঠিত হ’ব লগতে ইয়াত ভাগ ল’ব লগীয়া বিশিষ্ট বক্তাসকলৰ ভিতৰত আছে জেনেৰেল ভি কে সিং, জি পি সিং, হিমা দাস আদি।
তদুপৰি, ব্ৰহ্মপুত্ৰৰ বালিচৰত ৱাই-২০ ৰ প্ৰতিনিধিসকলৰ অৰ্থে বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ইয়াত বিশিষ্ট গায়ক পাপনে সংগীতানুষ্ঠান পৰিবেশন কৰিব।