ডিজিটেল ডেস্ক, ANEWS24X7 : ৰাজ্যৰ তীব্ৰ গতিত বৃদ্ধি পাইছে ডেংগুত আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ ডেংগুৱে ভয়াবহ ৰূপ ধাৰণ কৰিছে ডিফুত ৷ দেওবাৰৰ দিনটোত ৩৮ গৰাকী ডেংগু ৰোগীক ডিফু মেডিকেল কলেজত ভৰ্তি কৰোৱা হৈছে ৷
ডেংগুৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি ডিফুৰ শিক্ষানুষ্ঠান সমূহ বন্ধ ঘোষণা কৰিছে কাৰ্বি আংলং স্বায়ত্ব পৰিষদে ৷ ৭ নৱেম্বৰৰ পৰা ১২ নৱেম্বৰলৈ ৫ দিনৰ বাবে ডিফুৰ শিক্ষানুষ্ঠানসমূহ বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷
দেওবাৰে এক জননীৰ জৰিয়তে স্বায়ত্বশাসিত আঞ্চলৰ শিক্ষানুষ্ঠানসমূহ বন্ধ ৰখাৰ কথা ঘোষণা কৰিছে ৷উল্লেখ্য যে ৬ নৱেম্বৰৰ দিনটোত ৰাজ্যত ৭৩ গৰাকী লোক ডেংগু ৰোগত আক্ৰান্ত হৈছে ৷