Monday, January 19, 2026
Homeঅসমকলিয়াবৰলৈ প্ৰায় ৪৫০০ খন বাহনত আহিব অগপ,বিজেপিৰ কৰ্মীৰ লগতে জনতা

কলিয়াবৰলৈ প্ৰায় ৪৫০০ খন বাহনত আহিব অগপ,বিজেপিৰ কৰ্মীৰ লগতে জনতা

➡️ কলিয়াবৰলৈ প্ৰায় ৪৫০০ খন বাহনত আহিব নৰেন্দ্ৰ মোডীৰ সভালৈ আহিব লগীয়া অগপ,বিজেপিৰ কৰ্মীৰ লগতে জনতা।
➡️ গাড়ী সমূহ ৰখাবলৈ ৯ টাকৈ পাৰ্কিংৰ ব্যৱস্থা কৰিছে প্ৰশাসনে। ইয়াৰে ৮ টা পাৰ্কিং সাধাৰণ ৰাইজৰ বাবে। আনহাতে এটা পাৰ্কিং VVIP ৰ বাবে।
➡️ প্ৰতিটো পাৰ্কিংত একোখনকৈ ক্ৰেনৰ ব্যৱস্থা কৰিছে প্ৰশাসনে।
➡️ ট্রেফিক আৰক্ষীৰ এটা টিম বাইকৰ দ্বাৰা পথত তহলৰ বাবে সাজোঁ কৰা হৈছে। যাতে পথৰ মাজত আবদ্ধ হোৱা বাহনক সহায় আগবঢ়াব পাৰে।
➡️উজনি নামনিৰ যাত্ৰীবাহী বাছ বা ব্যক্তিগত বাহন সমূহৰ বাবে বক্ৰ পথেৰে যাতায়তৰ ক্ষেত্ৰত লোৱা হৈছে বিশেষ ব্যৱস্থা।
➡️ গধুৰ বাহন সমূহ (ট্ৰাক) ৰ বাবে ১৮ তাৰিখে ৰাতিপুৱা ২ বজাৰ পৰা নৰেন্দ্ৰ মোডীৰ সভাৰ অন্ত পৰাৰ প্রায় দুঘণ্টালৈকে কলিয়াবৰত প্ৰবেশত বাধা থাকিব।
➡️ নগাঁও প্ৰশাসনৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই সংবাদ মেল যোগে জানিবলৈ দিয়ে এই পথ নিৰ্দেশনাৰ কথা।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments