Sunday, July 6, 2025
Homeঅসম‘কনজাংটিভাইটিচ’ ত আক্ৰান্ত মাজুলীৰ বহু বিদ্যালয়ৰ শ শ ছাত্ৰ ছাত্ৰী

‘কনজাংটিভাইটিচ’ ত আক্ৰান্ত মাজুলীৰ বহু বিদ্যালয়ৰ শ শ ছাত্ৰ ছাত্ৰী

পুলক শইকীয়া, মাজুলি: চকুৰ অসুখ ‘কনজাংটিভাইটিচ’ ত আক্ৰান্ত মাজুলীৰ বহু বিদ্যালয়ৰ শ শ ছাত্ৰ ছাত্ৰী। শিশুৰ পৰা বৃদ্ধলৈকে সংক্ৰমণ হৈছে কনজাংটিভাইটিচ ৰ। চকু ৰোগৰ বাবেই বন্ধ দিছে মাজুলীৰ একাংশ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে।আইলেণ্ড একাডেমি, বনগাঁও শংকৰদেৱ শিশু নিকেতন আদি বিদ্যালয়সমূহে তিনিদিন বিদ্যালয় বন্ধৰ ঘোষণা কৰিছে।

ছাত্ৰ ছাত্ৰীৰ মাজত আই ফ্লুৰ অধিক সংক্ৰমণ ৰোধ কৰিবলৈ এনে পদক্ষেপ লৈছে বিদ্যালয়ৰ কৰ্তৃপক্ষই।জিলা স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি বৰ্তমান ৯৪ জন ৰোগীক চিনাক্ত কৰি ৰোগী সকলক প্ৰয়োজনীয় চিকিৎসা আগবঢ়োৱা হৈছে। আইফ্লউ ৰোগে মাজুলীত সৃষ্টি কৰা পৰিস্থিতি সন্দৰ্ভত মাজুলী জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডা০ কুলেন চন্দ্ৰ ভূঞাই সংবাদ মাধ্যমত মন্তব্য প্ৰকাশ কৰে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments