ডিজিটেল ডেস্ক, anews24x7: SI জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত। নগাঁৱত ১২ দিন বাহৰ পাতিব DSP মনিন্দৰৰ নেতৃত্বত অহা CBIৰ দলটোৱে। সকলো অভিযুক্ত আৰক্ষী বিষয়াৰ লগতে জোনমণি ৰাভাৰ সৈতে সম্পৰ্ক থকা নকল সোণৰ ব্যৱসায়ীক চলাব জেৰা। বুধবাৰে নিশা নতুন দিল্লীৰ পৰা IPS বিষয়া তথা CBIৰ মহাপৰিদৰ্শক লাভলী কাটিয়াৰৰ নেতৃত্বত অসমলৈ অহা CBIৰ দলটোৱে বৃহস্পতিবাৰে জখলাবন্ধাৰ দূৰ্ঘটনাস্থলী পৰিদৰ্শন কৰাৰ লগতে সমগ্ৰ বিষয়টোৰ অনুসন্ধান আৰম্ভ কৰিছে।
আনহাতে জোনমণি ৰাভা ঘটনাৰ তদন্তৰ বাবে জোনমণিৰ বাসগৃহত উপস্থিত হয়CBIৰ দল।১ঘণ্টাৰো অধিক সময়ৰ পিছত জোনমনি বাসগৃহৰ পৰা উলায় গ’ল চিবিআইৰ দলটো। অনুসন্ধানৰ বাবে জোনমনি পৰিয়ালৰ পৰা ললে বহুতো তথ্য। জোনমনিৰ মাতৃয়ে দিয়া এজাহাৰ সন্দৰ্ভটো সোধা-পোছা। এজাহাৰত উল্লেখ কৰা আৰক্ষী বিষয়াসকলৰ সন্দৰ্ভতো চিবিআইক অৱগত কৰিলে পৰিয়ালে। চিবিআইৰ তদন্তত আশ্বস্ত হৈছে জোনমনি পৰিয়াল।
তথ্য অনুসৰি চিবিআইৰ দলটোৱে নগাঁৱত ১০-১২দিন বাহৰ পাতি থাকি বিষয়টোৰ অনুসন্ধান চলাব। চিবিআইৰ দলটোৱে নগাঁও আৰক্ষীৰ কেইবাগৰাকীও বিষয়াক জেৰা চলোৱাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে, জোনমণি ৰাভাৰ মৃত্যুৰ পিছতে নগাঁও আৰক্ষীত চলি থকা চৰম দূৰ্নীতিৰাজৰ বিষয়ে সংবাদ মাধ্যমত সম্প্ৰচাৰ হৈছিল। নগাঁও আৰক্ষীৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপজ্যোতি কলিতা মুখ্য কাৰ্যালয়লৈ বদলি, নগাঁও সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ ৰাজবংশীক নিলম্বন আৰু হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আভাজ্যোতি ৰাভাক হেডকোৱাৰ্টাৰ ক্ল’জ কৰাৰ বিপৰীতে নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলেক হাইলাকান্দি, নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সদৰ ত্ৰিদিৱ কুমবাঙক তামুলপুৰ আৰু ধিং থানাৰ অ’চি ৰাজা ইৰশ্বাদক কঁচুৱালৈ বদলি কৰা হৈছিল। এই আটাইকেইজনৰ বিৰুদ্ধে জোনমণিৰ মাতৃ সুমিত্ৰা ৰাভাই অভিযোগ আনিছিল। চিবিআইৰ দলটোৱে এই আটাইকেইগৰাকী বিষয়াকে জেৰা চলোৱাৰ সম্ভাৱনা আছে।