সোনেৰে ভৰি পৰিল মঙ্গলদৈ সদৰ থানা।
সোন চুৰি কাণ্ডৰ লগত জড়িত মুল মাষ্টাৰ মাইণ্ড গ্ৰেপ্তাৰ মঙ্গলদৈ আৰক্ষীৰ।
অধিবক্তাৰ ঘৰত সোন চুৰিৰ লগত জড়িত তিনি জন চোৰক গ্ৰেপ্তাৰ মঙ্গলদৈ আৰক্ষীৰ।
কেইদিনমান পুৰ্বে অধিবক্তা দিব্যজ্যোতি চহৰীয়াৰ ঘৰত প্ৰায় এক কোটি টকা মূল্যৰ সোন চুৰি কাণ্ড সংঘটিত হৈছিল।
উক্ত চুৰি কাণ্ডৰ মুল মাষ্টাৰ মাইণ্ড আব্দুল গনি ওৰফে (গেদা)ই অধিবক্তাৰ ঘৰত সোমাই অকলেই বহু পৰিমাণৰ সোন চুৰি কৰি আন দুজনক বিক্ৰী কৰে।
চুৰি সোন ক্ৰয় কৰা জুৱেলাৰীকো গ্ৰেপ্তাৰ আৰক্ষীৰ।
গেদা মঙ্গলদৈ থানাৰ অন্তৰ্গত বান্দিয়াৰ।
আন দুজন ধুলা হিৰাপাৰাৰ নাচিৰ আলি আৰু লটাখাটৰ হাফিজুৰ ৰহমান।
চোৰ কেইটাৰ পৰা প্ৰায় ১০০ গ্ৰাম সোন, বহু পৰিমাণৰ ৰুপৰ অলংকাৰ, এটা সোন জোখা মেচিন,তিনিটা মুল্যবান ঘড়ী, মোবাইল ফোন, বেংকৰ নথি সহ এখন বাইক আৰু বহু আপত্তি জনক নথি-পত্ৰত উদ্ধাৰ কৰে আৰক্ষীয়ে
তিনিউকে মঙ্গলদৈ আৰক্ষীয়ে আদালতত হাজিৰ কৰাই পুণৰ তিনিদিনৰ জামিনত লয় আৰক্ষীয়ে।
দুধোৰ্ষ আব্দুল গনিয়ে ইয়াৰ পুৰ্বেও বহু চুৰি কাণ্ডৰ লগত জড়িত হৈ জেললৈ গৈছিল।
গেদাৰ আৰু বহু কেইগৰাকী সহযোগী গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা।
