Tuesday, July 8, 2025
Homeৰাষ্ট্ৰীয়দুৰ্গা পূজাৰ আনন্দ উৎসাহৰ মাজতে ভয়ংকৰ দুৰ্ঘটনা , নিহত ২৪ জন

দুৰ্গা পূজাৰ আনন্দ উৎসাহৰ মাজতে ভয়ংকৰ দুৰ্ঘটনা , নিহত ২৪ জন

ডিজিটেল ডেস্ক, ANEWS24X7:দুৰ্গা পূজাৰ আনন্দ উৎসাহৰ মাজতে উত্তৰপ্ৰদেশৰ কানপুৰৰঘটমপুৰত ভয়ংকৰ দুৰ্ঘটনা ৷ ট্ৰেক্টৰৰ ট্ৰলী বাগৰি পুখুৰীত সোমাল৷ দুৰ্ঘটনাটোৰ ফলত নিহত হৈছে ২৪ জন লোক। আনহাতে আহত হৈছে ১৬ জন লোক।

চণ্ডিকা মন্দিৰ দৰ্শন কৰি উভতি অহাৰ পথত সংঘটিত হয় এই দুৰ্ঘটনা। দুৰ্ঘটনাটোকলৈ শোকপ্রকাশ কৰিছে প্রধানমন্ত্রী নৰেন্দ্র মোডীয়ে ।

নিহতৰ পৰিয়াললৈ প্ৰধানমন্ত্ৰী মোদীয়ে ২ লাখ টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰিছে ।আনহাতে আহতসকলৰ বাবে ৫০ হাজাৰ টকাৰ অনুদান ঘোষণা কৰিছে।দুৰ্ঘটনাগ্ৰস্ত ট্রেক্টৰখনত প্রায় ৫০জন যাত্রী আছিল বুলি জানিব পৰা গৈছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments