Friday, November 8, 2024
Homeআন্তঃৰাষ্ট্ৰীয়হিজাব পৰিধান নকৰাৰ অপৰাধৰ বাবে যুৱতীক আৰক্ষী চকীলৈ মাতি নীতি শিক্ষা

হিজাব পৰিধান নকৰাৰ অপৰাধৰ বাবে যুৱতীক আৰক্ষী চকীলৈ মাতি নীতি শিক্ষা

ডিজিটেল ডেস্ক, ANEWES24X7:হিজাব পৰিধান নকৰাৰ বাবে আৰক্ষীয়ে অটক যুৱতীক ৷ আৰক্ষী জিম্মাত ৰহস্যজনকভাৱে মৃত্যু হয় ২২ বছৰীয়া যুৱতী গৰাকীৰ ৷ এই ঘটনা সংঘটিত হৈছে ইৰাণৰ ৰাজধানী তেহৰাণত ৷ ঘটনাৰ বিবৰণ অনুসৰি বৃহস্পতিবাৰে মাহশা আমিনী নামৰ ২২ বছৰীয়া যুৱতী গৰাকীয়ে তেওঁৰ পৰিয়ালৰ লোক সকলৰ সৈতে এখন গাড়ীৰে ইৰাণৰ কুৰ্দিস্তানৰ পৰা তেহৰাণত থকা এগৰাকী আত্মীয়ৰ ঘৰলৈ আহিছিল ৷ সেই সময়তে তেওঁৰ গাড়ীখন ইৰাণৰ নীতি আৰক্ষীয়ে ৰখাই ৷

গাড়ীখন নীতি আৰক্ষীয়ে ৰখাই যুৱতী গৰাকীয়ে হিজাৱ পৰিধান নকৰাৰ অপৰাধত আটক কৰিছিল ৷ যুৱতি গৰাকীক নীতি শিক্ষা দিবৰ বাবে এক ঘন্টাৰ বাবে স্থানীয় আৰক্ষী চকীলৈ নীতি আৰক্ষীয়ে লৈ যায় আৰু আৰক্ষী চকীতে হৃদ ৰোগত আক্ৰান্ত হৈছিল যুৱতী গৰাকী ৷ পৰবৰ্তী সময়ত চিকিৎসালয়ত যুৱতী গৰাকীৰ মৃত্যু হয় ৷ এই ঘটনা সংঘটিত হোৱাৰ পিছতে সম্পূৰ্ণ ঘটনাৰ তদন্ত ঘোষণা কৰিছে ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইচিয়ে ৷

এই খবৰ বিয়পি পৰাৰ লগে লগে দেশখনৰ মানৱ অধিকাৰ সুৰক্ষা কৰ্মীসকলে ঘটনাৰ তদন্তৰ দাবী জনাইছে ৷ আনহাতে এই ঘটনাক তীব্ৰ গৰিহণা দিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে ৷ জ’ বাইডেনৰ নিৰাপত্তা উপদেষ্টা জেক ছুলিভানে টুইট কৰি কয় যে, ‘‘ আমিনীৰ ৰহস্যজনক মৃত্যুৰ বিষয়ে আমেৰিকা যুক্তৰাষ্ট্ৰ সম্পূৰ্ণৰূপে অৱগত ৷ আমি ইৰাণৰ উগ্ৰ মৌলবাদৰ বিৰোধিতা কৰিছো ৷’’

উল্লেখ্য যে , ইৰাণত নীতি আৰক্ষীয়ে ইছলামিক নীতি উলংঘা কৰা ব্যক্তি সকলক নীতি শিক্ষা প্ৰদান কৰে ৷বিশেষকৈ মহিলাসকলে ইছলামিক ৰীতি-নীতি অনুসৰি কাপোৰ আৰু হিজাব পিন্ধিছে নে নাই সেয়া লক্ষ্য কৰায়ে ইৰাণৰ নীতি আৰক্ষীৰ কাম। অৱশ্যে নীতি আৰক্ষীৰ কঠোৰতাৰ বিষয়ে বিভিন্ন সময়ত সংবাদ মধ্যমত চৰ্চা লাভ কৰিছে ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments