Thursday, November 7, 2024
Homeৰাষ্ট্ৰীয়সলনি হ'ব কেইবাটাও নিয়ম

সলনি হ’ব কেইবাটাও নিয়ম

ডিজিটেল ডেস্ক, ৩১জুলাই: সলনি হ’ব কেইবাটাও নিয়ম । এই নিয়ম সলনিয়ে এতিয়া প্ৰভাৱ পেলাব পাৰে সকলোৰে দৈনন্দিন জীৱনত ।
যিহেতু কাইলৈ আগষ্ট ১ তাৰিখ। ১ আগষ্ট তাৰিখৰ পৰা দেশত সলনি হব বহু কেইটা নিয়ম ।

১ আগষ্টৰ পৰা দেশত সলনি হব বহু কেইটা নিয়ম ।চিলিণ্ডাৰৰ পৰা আৰম্ভ কৰি গুগোল মেপলৈকে সলনি হব বহু নিয়ম ।
কাইলৈ পৰা আপোনাৰ মোৰ পূৰ্বতকৈ বেছি টকা খৰছ হব পাৰে । কিয়নো নিয়ম সাল সলনিয়ে প্ৰভাৱ পেলাব পাৰে আপোনাৰ মোৰ পকেটত ।

১ আগষ্টৰ পৰাই সলনি হব lpg চিলিণ্ডাৰৰ মুল্য । পুনৰ ১ আগষ্টৰ পৰাই জনতাৰ মূৰত মাধমাৰ পৰিব পৰা সম্ভাৱনা আহি পৰিছে ।১৯ কেজি বাণিজ্যিক চিলিণ্ডাৰৰ লগতে ঘৰত ব্যৱহৃত গেছৰ মুল্য সলনি হোৱাৰ সম্ভাৱনা।

ইয়াৰ সমান্তৰালকৈ hdfc বেংক ৰ ক্ৰেডিট কাৰ্ড ব্যৱহাৰকাৰী সকলৰ বাবেও আহিব পাৰে পৰিবৰ্তন। ১৫ হাজাৰ টকাৰ অধিক লেনদেন কৰিলে দিব লাগিব পাৰে অতিৰিক্ত চাৰ্জ ।গুগল মেপৰে সলনি হব নিয়ম ৭০ শতাংশ যি সেৱাৰ চাৰ্জ আছিল সেয়া হ্ৰাস কৰিব গুগল মেপে ।পূৰ্বতে যদি আপুনি ডলাৰত টকা লৈ আছিল এতিয়াৰে পৰা ডলাৰত টকা নলৈ ভাৰতীয় টৰাত পেমেন্ট লব পাৰিব । আনফালে আগষ্ট মাহত ১৩ দিনকৈ বন্ধ থাকিব বেংক সমূহ কিয়নো ।ৰাখী বন্ধন, জন্মাষ্টমী, স্বাধীনতা দিৱসকে ধৰি শনি,দেওবাৰ মিলাই বেংক বন্ধ থাকিব মুঠ ১৩ দিন ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments