Monday, July 7, 2025
Homeঅসমগোলাঘাটৰ হত্যাকাণ্ডৰ নতুন দিশ

গোলাঘাটৰ হত্যাকাণ্ডৰ নতুন দিশ

ডিজিটেল ডেস্ক, anews24x7: গোলাঘাটৰ ত্ৰিপল মাৰ্ডাৰৰ অভিযুক্ত নাজিবুৰ ৰহমানক দহ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ। গোলাঘাট জিলা ন্যায়াধীশ আদালতত হাজিৰ কৰোৱা হৈছিল নাজিবুৰক।

গোলাঘাট নগৰত সংঘটিত হোৱা জঘন্য হত্যাকাণ্ডৰ তদন্তৰ বাবে উপস্থিত হ’ল অসম আৰক্ষী উচ্চ পৰ্যায়ৰ তদন্ত কাৰী দলৰ লগতে ফৰেঞ্চিকৰ দ’ল। উদ্ধাৰ কৰিলে হত্যাকাৰীয়ে ব্যৱহাৰ কৰা দা। সোমবাৰে গোলাঘাট নগৰৰ হিন্দী স্কুল পথত সংঘটিত হৈছিল এই জঘন্য হত্যাকাণ্ডৰ ঘটনা। একেটা পৰিয়াল সঞ্জয় ঘোষ, জুনু ঘোষ আৰু সংঘমিত্ৰা ঘোষক নৃশংসভাবে হত্যা কৰে নাজিবুৰ ৰহমানে। উক্ত ঘটনা সংঘটিত কৰি সংঘমিত্ৰা ঘোষৰ ৯ মহীয়া কণ্যা সন্তানক লৈ গোলাঘাট সদৰ আৰক্ষী থানাত আত্মসমৰ্পন কৰে অভিযুক্ত নাজিবুৰ ৰহমানে।

এই নৃশংস হত্যাকাণ্ডৰ তদন্তৰ বাবে আজি গোলাঘাটত উপস্থিত হয় উচ্চ পৰ্যায়ৰ তদন্ত কাৰী দ’ল। তদন্তকাৰী দলটোৱে অভিযুক্ত নাজিবুৰ ৰহমানক লগত লৈ ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। ঘটনা স্থলীৰ পৰা অভিযুক্ত নাজিবুৰ ৰহমানে হত্যাকাণ্ডত ব্যৱহাৰ কৰা দা খন উদ্ধাৰ কৰে তদন্ত কাৰী দলটোৱে।

ইফালে এক শোকাকুল পৰিবেশৰ মাজত আজি দুপৰীয়া ভাগত গোলাঘাট মাৰোৱাৰী স্মশানত শেষ কৃত সম্পন্ন কৰে হত্যাকাণ্ডৰ বলি হোৱা সঞ্জয় ঘোষ, জুনু ঘোষ আৰু সংঘমিত্ৰা ঘোষৰ। আনহাতে এই সমগ্ৰ ঘটনাৰ প্ৰতিবাদ জানাই গোলাঘাটৰ সমূহ ব্যৱসায়ী প্ৰতিষ্ঠান বন্ধ ৰখা পৰিলক্ষিত হয়। গোলাঘাট নগৰৰ মাজমজিয়াত সংঘটিত হোৱা জঘন্য হত্যাকাণ্ডৰ এক উচিত তদন্ত দাবী জনাইছে সচেতন ৰাইজে।

 

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments