দীপক ডেকা, সোণাপুৰ:এজাক বৰষুণতে যোৰাবাটত কৃত্ৰিম বান।ৰাষ্ট্ৰীয় ঘাইপথত বুৰ গল কেইবাখনো চাৰিচকীয়া বাহন।
এজাক বৰষুণ দিলে কামৰূপ মহানগৰ জিলাৰ যোৰাবাটত সৃষ্টি হয় কৃত্ৰিম বানৰ। যাৰ ফলত জিয়াতু ভুগিব লগা হয় সাধাৰণ জনতাই। কেইবাখনো বাহন ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পানীত বুৰ যোৱাৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথত দেখিবলৈ পোৱা গৈছে তীব্ৰ যানযঁট ।
বহু সময় ধৰি ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ যান বাহন সমূহ। এজাক বৰষুণতে সৃষ্টি হোৱা যোৰাবাটৰ এই কৃত্ৰিম বানৰ আজি পৰ্যন্ত কোনো ধৰনৰ স্থায়ী সমাধান নহল। যাৰ বাবে এতিয়া যমৰ যাতনা ভুগিব লগা হৈছে সাধাৰণ জনতাই।