বৃহত্তৰ গুৱাহাটী বিহু সন্মিলনী সমন্বয় সমিতিৰ সংবাদমেল
বিহু মঞ্চৰ বাবে বান্ধি দিলে কেইবাটাও নিয়ম
১/ বিহু মঞ্চত প্ৰৱেশ কৰা প্ৰতিগৰাকী শিল্পীয়ে জাতীয় সাজপাৰ বা মার্জিত পোছাক পৰিধান কৰিব লাগিব।
২/ বৃহত্তৰ গুৱাহাটী বিহু সন্মিলনী সমন্বয় সমিতিৰ অধীনৰ প্ৰতিখন সমিতিয়ে সাত বিহুৰ ভিতৰত বিহু সমাপ্ত কৰিব লাগিব।
৩/ সাত বিহুৰ পিছত হোৱা অনুষ্ঠানসমূহ বিহুৰ অনুষ্ঠান বুলি ধৰা নহ’ব, সাংস্কৃতিক অনুষ্ঠান বুলি ধৰা হ’ব।
৪/ স্থানীয় শিল্পীয়ে বোৱা গামোচাহে ব্যৱহাৰ কৰিব পাৰিব বিহুৰ অনুষ্ঠানত।
৫/ ৰাতি ১২ বজাৰ ভিতৰত বিহুৰ অনুষ্ঠান সমাপ্ত কৰিব লাগিব।
৬/ প্ৰতিগৰাকী শিল্পীয়ে বিহু অনুষ্ঠানত প্রাধান্য দিব লাগিব থলুৱা বিহুগীত আৰু লোকসংগীতক।