Wednesday, March 11, 2026
Homeঅসমপুনৰ উত্তপ্ত পৰিস্থিতি শিলসাঁকোত, শ শ পুলিচে আগুৰি ধৰিছে শিলসাঁকো

পুনৰ উত্তপ্ত পৰিস্থিতি শিলসাঁকোত, শ শ পুলিচে আগুৰি ধৰিছে শিলসাঁকো

ডিজিটেল ডেস্ক, anews24x7:  চচলত অব্যাহত আছে শিলসাঁকোৰ উচ্ছেদিতৰ প্ৰতিবাদ। উচ্ছেদক লৈ পুনৰ উত্তপ্ত পৰিস্থিতি শিলসাঁকোত।  GMDAৰ দলক ৰাইজে দিছে  বাধা। বৃহৎসংখ্যক আৰক্ষী মোতায়েন কৰা হৈছে। উচ্ছেদৰ দায়িত্বত থকা GMDAৰ ২ বিষয়াৰ  সৰৱ হৈ পৰিছে ৰাইজ। আৰক্ষী আৰু জনতাৰ মাজত হতাহতি পৰিস্থিতৰ সৃষ্টি হৈছে। জনতাৰ ওপৰত লাঠিচাৰ্জ আৰক্ষীৰ। সহস্ৰাধিক আৰক্ষী-অৰ্ধসামৰিক বাহিনীৰ জোৱানৰ বেহু। এটা ঘৰো উচ্ছেদ কৰিবলৈ নিদিয়াৰ হুংকাৰ অঞ্চলবাসীৰ।

 গুৱাহাটী মহানগৰ উন্নয়ণ প্ৰাধিকৰণ বিভাগৰ অধ্যক্ষ নাৰায়ণ ডেকাৰ উপস্থিতিত চলোৱা হৈছিল এই অভিযান ৷ অঞ্চলটোত পুনৰ আৰক্ষী প্ৰশাসনৰ লোক উপস্থিত হোৱাকলৈ স্বাভাৱিকতে আতংকিত হৈছে অঞ্চলবাসী ৷ প্ৰশাসনে উচ্ছেদৰ নামত অঞ্চলটোত ভেকোভাওনা চলোৱাৰ অভিয়োগ ৷

পুজিপতিৰ বিপৰীতে শিলসাঁকোত মাথোন দুখীয়া দৰিদ্ৰ লোকৰ ওপৰত অভিযান চলোৱা অভিযোগ স্থানীয় লোকৰ ৷ কিয়নো শিলসাঁকোৰ ভূমিত থকা জিঞ্জাৰ, অকেডি, আজমল ভূমিত আজিলৈ নপৰিল প্ৰশাসনৰ হাতোৰা ৷ বিপৰীতে মাথোন সাধাৰণ লোকৰ ওপৰত প্ৰশাসনৰ এই অত্যাচাৰৰ অভিযোগ ৷ উল্লেখ্য যে শনিবাৰৰ দিনটোত যদিওবা বৃহৎ আৰক্ষীৰ দল মোতায়েন হ’ল তথাপি কিন্তু উচ্ছেদ চলোৱা নাই প্ৰশাসনৰ লোকে ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments