Saturday, July 5, 2025
Homeঅসমউৰুকাৰ আনন্দৰ নামত চৰম উদ্ভণ্ডালি!

উৰুকাৰ আনন্দৰ নামত চৰম উদ্ভণ্ডালি!

ডিজিটেল ডেস্ক, A NEWS 24×7 : মাঘ বিহুৰ উৰুকাত হাঁহ চুৰি কৰিবলৈ গৈ চৰম ঘটনা সংগঠিত কৰিলে চোৰে। বিহুত হাঁহ চুৰি কৰিবলৈ গৈ বয়োজ্যেষ্ঠ গৃহস্থক কেটেপা মাৰি বাওঁ চকু ফুটাই দিলে চোৰে।

ডিমৌৰ ধোন্দৰমুখ কোঁচ গাঁৱত সংগঠিত হৈছে এই ঘটনা। বৃদ্ধা গৰাকীক আক্রমণ কৰি ৪টাকৈ হাঁহ চুৰ কৰি লৈ যায় চোৰে। ঘটনাৰ ফলত চকুত আঘাত পাই বৃদ্ধগৰাকীয়ে।

বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে খৰ্গেশ্বৰ দত্ত নামৰ ৭০ বছৰীয়া বৃদ্ধগৰাকী। ঘটনা সন্দৰ্ভত ভুক্তভোগী পৰিয়ালটোৱে থানাত এজাহাৰ দাখিল কৰিছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments