মুকালমুৱাৰ পৰা সুৰজিত পাঠক: মুকালমুৱা থানাৰ অন্তৰ্গত আদাবাৰী সুতাৰকুছি গাঁৱৰ এটা পৰিয়াললৈ নাম আহিছে অমানিশা ৷ পৰিয়ালটোৰ অন্যতম তথা একমাত্ৰ উপাৰ্জনকাৰীজন বিগত ছয়মাহে বিচনাতেই পৰি থকাত পৰিয়ালটোৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে ৷ বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ অন্তৰ্গত আদাবাৰী সুতাৰকুছি গাঁৱৰ পংকজ কলিতাৰ পৰিয়ালে দুৰ্বিহ জীৱন অতিবাহিত কৰিছে ৷ পৰিয়ালটোৰ মূল মানুহজনে বিগত ছয়মাহ ধৰি ৰোগাক্ৰান্ত হৈ বিচনাতেই পৰি থকাত পৰিয়ালটোলৈ নামি আহিছে ঘোৰ অমানিশা ৷
পংকজ কলিতা নামৰ যুৱকজনৰ ছয়মাহ পূৰ্বে সোঁ-ভৰিত দেখা দিছিল এটুকুৰা ঘাঁ ৷ পৰৱৰ্তী সময়ত সেই ঘাঁ টুকুৰাই জটিল ৰূপ ধাৰণ কৰাত অস্ত্ৰোপচাৰ কৰিবলগীয়া হয় ৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়কে ধৰি গুৱাহাটীৰ ব্যক্তিগত চিকিৎসালয়ত তিনিমাহত তিনিবাৰকৈ অস্ত্ৰোপচাৰ সম্পন্ন কৰে যদিও আজিপৰ্য্যন্ত সুস্থ হৈ নুঠিল যুৱকজন ৷ বিভিন্ন চিকিৎসালয়ত চিকিৎসা কৰাৰ অন্তত সম্প্ৰতি দিশহাৰা হৈ পৰিছে পৰিয়ালটো ৷ অতি সম্প্ৰতি যুৱকজনক উন্নত চিকিৎসাৰ বাবে অভিজ্ঞসকলে বহিঃৰাজ্যলৈ নিয়াৰ পৰামৰ্শ প্ৰদান কৰিছে যদিও অৰ্থৰ অভাৱত যুৱকজনক বহিঃৰাজ্যলৈ নিয়াৰ বাবে সমৰ্থ নহয় পৰিয়ালটো ৷ সেয়ে দুৰ্ভগীয়া পৰিয়ালটোৱে ৰাইজৰ পৰা বিচাৰিছে আৰ্থিক সহায়-সহযোগিতা ৷
পৰিয়ালটোৱে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, বৰক্ষেত্ৰীৰ সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মন আৰু বৰক্ষেত্ৰীৰ জননেতা নাৰায়ন ডেকাৰো সহায় বিচাৰিছে ৷ কোনো সদাশয় ব্যক্তিয়ে পংকজ কলিতাক সহায় কৰিব বিচাৰিলে পংকজ কলিতাৰ পাঞ্জাৱ নেচনেল বেংকৰ 1907000101312504 (IFC – PUNB0190700) নম্বৰত ধন জমা দি সহায় কৰিব পাৰে অন্যথা পংকজ কলিতাৰ 91018 56598 নম্বৰতো যোগাযোগ কৰি সহায় আগবঢ়াব পাৰে ৷ হয়তো আপোনাৰ অকনমান সঁহাৰিয়ে দুই কণমানি সন্তানৰ পিতৃগৰাকীক সুস্থ কৰি তুলিব ৷
