ৰিদিপ শৰ্মা,কলিয়াবৰ: কলিয়াবৰৰ ‘নাম-কামাখ্যা’ গাঁৱত বাঘৰ আতংক। গাঁওখনৰ পাছফালৰ হাবিত বাঘে নিধন কৰিলে গো-ধন। এজনী প্ৰকাণ্ড গাই গৰু নিধন কৰে ঢেকীয়াপতীয়া বাঘে। চাহ বাগানৰ মাজত গৰুজনী নিধন কৰে বাঘে।
জানিব পৰা অনুসৰি গৰুজনী বিয়লি গৃহস্থৰ ঘৰলৈ বুলি আহি থকা অৱস্থাত চাহ বাগিচাৰ মাজত চুপ লৈ থকা এটা ঢেঁকিপতিয়া বাঘে নিধন কৰে। অৱশ্যে আজিৰে পৰা কেই মাহ মান আগতে শিলঘাট,কামাখ্যা,সোনাৰী গাওঁত এটা বন ৰজাই বহুদিন ধৰি সন্ত্ৰাস চলাইছিল যদিও বন-বিভাগে ট্ৰেনকোলাইজ কৰিবলৈ সক্ষম হৈছিল।
বৰ্তমান পুনৰ আকৌ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা বনৰজাই উক্ত অঞ্চলত সন্ত্ৰাসৰ সৃষ্টি কৰিছে।
