ৰিদিপ শৰ্মা,কলিয়াবৰ: আজি অসমীয়াৰ বাপোটি সাহোন কাতি বিহু। এই কাতি বিহুৰ দিনা বিয়লি কলিয়াবৰৰ পথাৰত ৰবাব টেঙা খোৱাৰ এক পৰম্পৰা অতীজৰে পৰা চলি আহিছে, এই পৰম্পৰা ৰক্ষা কৰি আজিও কলিয়াবৰৰ ভিন্ন প্ৰান্তৰ লগতে দলগাওঁ পথাৰত ৰাইজৰ ভিৰ দেখিবলৈ পোৱা গৈছে।
কলিয়াবৰৰ ভিন্ন প্ৰান্তৰ ৰাইজৰ লগতে নৱ প্ৰজন্মই এই পৰম্পৰা ৰক্ষাৰ বাবে ওলাই অহা পৰিলক্ষিত হৈছে।
এই পৰম্পৰা ৰক্ষাৰ আঁৰতো আছে এক বিশেষ কাহিনী। অতীজৰে পৰা মধ্য অসমৰ নগাঁও জিলাৰ কলিয়াবৰত এই পৰম্পৰা চলি আহিছে। জানিব পৰা মতে ৰবাব টেঙা পথাৰত খাই বাকলি সমূহ ধান খেতিৰ মাজলৈ দলিয়াই পেলাই দিয়ে। সেই ৰবাব টেঙাৰ বাকলিৰ পৰা যি ৰাসায়নিক পদাৰ্থ নিৰ্গত হয় তাৰ ফলত ধান খেতিত থকা পোক প্ৰতঙ্গ নাশ হয়। কাতি বিহুৰ সময়ত পথাৰৰ ধান খেতি গৰ্ভৱতী হয়। শস্য শ্যামলা হয়। এনে সময়ত ধানৰ থুক বোৰত কৃৎ-প্ৰতঙ্গ লাগি ধানৰ বীজ নষ্ট কৰে। সেয়ে এই কৃৎ-প্ৰতঙ্গ সমূহ নাশ কৰিবৰ বাবেই ৰাইজে পথাৰত ৰবাব টেঙা খাই বাকলি সমূহ পথাৰলৈ দলিয়াই পেলাই। আৰু ৰবাব টেঙাৰ ৰাসায়নিক পদাৰ্থ নিৰ্গত হৈ ধানত লগা কৃৎ-প্ৰতঙ্গ সমূহ নাশ হয় বুলি এক জনশ্ৰুতি আছে।
ইয়াৰোপৰি কাতি বিহুৰ দিনা পথাৰত ৰাইজে একেলগে ৰবাব টেঙা খোৱাৰ ফলত এক মৰম, স্নেহ, ভাতৃত্ববোধৰ এনাজৰী সৃষ্টি হয় আৰু সকলোৰে মনবোৰ প্রফুল্লিত হয়।
