গুৱাহাটী, ১৫ ফেব্ৰুৱাৰীঃ মহানগৰীত যান-জঁটৰ সমস্যা সমাধানৰ বাবে চৰকাৰে বিভিন্ন কাৰ্যপন্থা-কৌশল অৱলম্বন কৰাৰ সময়তে বশিষ্ঠ থানাৰ যান-বাহন আৰক্ষীৰ অকৰ্মণ্যতাৰ ফল ভূগীছে বেহাৰবাৰী অঞ্চলবাসীয়ে। শেহতীয়াকৈ বেহাৰবাৰী চাৰিআলিৰ নৱনিৰ্মিত উৰণ সেঁতুখন মুকলি কৰি দিয়াৰ পাছতো যান-জঁটৰ সমস্যা সমাধান নোহোৱাত যান্ত্ৰণা ভূগিছে স্থানীয় লোকে।
উল্লেখ্য যে, উৰণ সেঁতুখনৰ তলত বেহাৰবাৰী চাৰিআলিত বশিষ্ঠ থানাৰ যান-বাহন আৰক্ষী উক্ত স্থানত অনুপস্থিতিৰ ফলত ব্যাপক যান-জঁটৰ সৃষ্টি হয়। চাৰিআলিটোত বিভিন্ন দিশৰ পৰা অহা সৰু-বৰ গাড়ীসমূহ যেনি-তেনি অহা-যোৱা কৰাৰ ফলত তীব্ৰ যান-জঁটৰ সৃষ্টি হয়। ঘণ্টাৰ পাছত ঘণ্টা ধৰি আৱদ্ধ হৈ পৰে এম্বুলেঞ্চকে আদি কৰি জৰুৰীকালীন সেৱাও। ফলত স্থানীয় ব্যৱসাসীসকলে অতিষ্ঠ হৈ নিজৰ কৰ্ম এৰি যান-জঁট নিয়ন্ত্ৰণ কৰিবলগীয়া হয়।
কিন্তু এইবোৰ দেখি-শুনিও স্থানীয় লোকে জনোৱাৰ পাছতো বশিষ্ঠ আৰক্ষীৰ নিষ্ক্ৰিয়তাৰ ফল ভূগিছে সৰ্বসাধাৰণ ৰাইজে। উক্ত স্থানত যান-বাহন আৰক্ষী নিয়োগ কৰি শীঘ্ৰে এই সমস্যা সমাধানৰ দাবী তুলিছে স্থানীয় ৰাইজে।