Thursday, March 26, 2026
HomeUncategorizedগুৱাহাটীত পেট্ৰ’ল-ডিজেলৰ কোনো নাটনি হোৱা নাই

গুৱাহাটীত পেট্ৰ’ল-ডিজেলৰ কোনো নাটনি হোৱা নাই

অসমত পৰ্যাপ্ত পৰিমাণে আছে পেট্ৰ’ল-ডিজেল। গুৱাহাটীতো মজুত আছে পৰ্যাপ্ত পেট্ৰ’ল-ডিজেল। বৃহস্পতিবাৰে গুৱাহাটীত সংবাদমেল সম্বোধন কৰি বিশদ তথ্য সদৰী কৰে কামৰূপ মেট্ৰ’ৰ জিলা আয়ুক্ত স্বপ্নীল পালে। কামৰূপ মেট্ৰ’ জিলাখনত ইন্ধনৰ যোগান সন্দৰ্ভত অনুষ্ঠিত সংবাদমেলত জিলা আয়ুক্তগৰাকীয়ে স্পষ্ট কৰি কয় যে গুৱাহাটীত পেট্ৰ’ল-ডিজেলৰ কোনো নাটনি হোৱা নাই।

জিলা আয়ুক্তই জনায় যে পেট্ৰ’ল-ডিজেলৰ নাটনি সন্দৰ্ভত যি খবৰ প্ৰচাৰ হৈ আছে সেয়া সম্পূৰ্ণ ভুৱা। তেওঁ কয় যে তেল কোম্পানীসমূহৰ যথেষ্ট পৰিমাণে মজুত উপলভ্য আছে।বৰ্তমান IOCLৰ ওচৰত ৪৫ লাখ লিটাৰ পেট্ৰ’ল আৰু ৫৫ লাখ লিটাৰ ডিজেল মজুত আছে। সেইদৰে HPCLৰ ৪ লাখ লিটাৰ পেট্ৰ’ল আৰু ১৮ লাখ লিটাৰ ডিজেল, আৰু BPCLৰ ৩৫ লাখ লিটাৰ পেট্ৰ’লৰ লগতে ১ কোটি ৬ লাখ লিটাৰ ডিজেল মজুত আছে বুলি জানিব পৰা গৈছে।

জিলা আয়ুক্তই লগতে কয় যে গুৱাহাটীত কোনো পেট্ৰ’ল পাম্প বন্ধ নহয় আৰু গেছ চিলিণ্ডাৰৰো কোনো নাটনি হোৱা নাই। মহানগৰবাসীক আশ্বস্ত কৰি তেওঁ কয় যে আতংকিত হোৱাৰ কোনো প্ৰয়োজন নাই।ইয়াৰ লগতে জনসাধাৰণৰ সুবিধাৰ বাবে ১০৭৭ নম্বৰত এটা হেল্পলাইন মুকলি কৰা হৈছে। ইন্ধন সম্পৰ্কীয় কোনো সমস্যা থাকিলে এই নম্বৰত যোগাযোগ কৰিবলৈ প্ৰশাসনে আহ্বান জনাইছে। জিলা আয়ুক্তই সকলোকে ভুৱা বাতৰি প্ৰচাৰ নকৰিবলৈ অনুৰোধ জনাইছে। আজিৰ এই সংবাদমেলত IOCLৰ মহাপ্ৰবন্ধকো উপস্থিত থাকে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments