ডিজিটেল ডেস্ক, ANEWS24X7: উত্তৰ প্ৰদেশৰ চান্দৌলি জিলাত ভয়ংকৰ চিলিণ্ডাৰ বিস্ফোৰণৰ ঘটনা ৷ জিলাখনৰ এখন ব্যক্তিগত চিকিৎসালয় চৌহদত সংঘটিত হৈছে এই ভয়ংকৰ চিলিণ্ডাৰ বিস্ফোৰণৰ ঘটনা ৷ চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত দুগৰাকী লোকৰ মৃত্যু হয় ৷ ইয়াৰ ওপৰিও বিস্ফোৰণটোৰ ফলত চিকিৎসালয়খনৰ লগতে কাষৰ কেইবাটাও বাসগৃহৰ ক্ষতিসাধন হয় ৷

ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷ আৰক্ষীয়ে ঘটনাস্থলীত থকা চিচিটিভি ফুটেজৰ ভিত্তিত তদন্ত আৰম্ভ কৰিছে ৷ জিলাখনৰ আৰক্ষী অধীক্ষক অংকুৰ আগৰৱালা আৰু মোগলচৰাইৰ বিধায়ক ৰমেশ জয়ছোৱাল ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ বুজ লয় ৷
আৰক্ষীয়ে সদৰী কৰা তথ্য অনুসৰি মোগলচৰাই চহৰৰ ৰবি নগৰ অঞ্চলৰ দয়াল হাস্পতালৰ চৌহদত পুৱা ৯ বজাৰ পৰা ৯.৩০ বজাৰ ভিতৰত সংঘটিত হৈছে এই বিস্ফোৰণ ৷ চিকিৎসালয়খনৰ বাহিৰত ৰখাই থোৱা এখন ট্ৰাকৰ পৰা অক্সিজেন চিলিণ্ডাৰ নমাই অনাৰ সময়ত বিস্ফোৰণটো সংঘটিত হৈছিল ৷ বিস্ফোৰণটোৰ ফলত চিলিণ্ডাৰ যোগান ধৰা কোম্পানীটোৰ দুখন লোক নিহত হৈছে ৷
