Sunday, July 6, 2025
Homeৰাজনৈতিকবাজেটৰ পৰা কেনেকৈ লাভান্বিত হ'ব আপুনি?

বাজেটৰ পৰা কেনেকৈ লাভান্বিত হ’ব আপুনি?

ডিজিটেল ডেস্ক,১ফেব্ৰুৱাৰী: সংসদত দাখিল কৰা হৈছে ২০২৪ বৰ্ষৰ অন্তৰ্ৱতীকালীন বাজেট। বুধবাৰৰ পৰা সংসদত আৰম্ভ হৈছে বাজেট অধিৱেশন। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে মোদী চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ অন্তৰৱৰ্তীকালীন বাজেট দাখিল কৰিছে। সংসদত বাজেট ভাষণ আৰম্ভ হৈছে।

নিৰ্মলা সীতাৰমণে দাখিল কৰিছে বাজেট। নিৰ্মলা সীতাৰমণে কয়, “১০ বছৰত অৰ্থনীতিত ইতিবাচক সংস্কাৰ হৈছে। সবকা সাথ সবকা বিকাশ মন্ত্ৰৰে প্ৰত্যাহ্বানৰ মোকাবিলা কৰিছো। আমি পুনৰ অভূতপূৰ্ব জনাদেশ লাভ কৰিম। উন্নয়নৰ আঁচনিয়ে সৰ্বস্তৰক সামৰিছে। সৰ্বাংগীন, সৰ্বস্পৰ্শী, সৰ্বসমাৱেশী নীতি চৰকাৰৰ।

“৮০ কোটি জনতাৰ বাবে ৰেচন কাৰ্ড। ২০৪৭ৰ ভিতৰত বিকশিত ভাৰত হ’ব। আমাৰ মন্ত্ৰ ‘ছেকুলাৰৰিজিম ইন এক্সন’। সামাজিক ন্যায়, ৰাজনৈতিক শ্লোগান হ’ব নোৱাৰে। পৰিবাৰবাদ, ভাই-ভতিজাবাদ শেষ হ’ব লাগিব। কৃষকসকল আমাৰ অন্নদাতা। গৰীৱ কল্যাণৰ বাবে চৰকাৰ বদ্ধপৰিকৰ। আমাৰ প্ৰধান চাৰিটা জাতি আছে।মহিলা, যুৱ, গৰীৱ, কৃষক আমাৰ চাৰিটা জাতি। এই চাৰিটা জাতি কল্যাণ আমাৰ প্ৰধান অগ্ৰাধিকাৰ। গৰীৱ কল্যাণ দেশৰ কল্যাণ। ২৫ কোটি জনতা বহুমাত্ৰিক দৰিদ্ৰতাৰ পৰা মুক্ত। জনধন একাউণ্টত ২.৭ লাখ কোটি টকা জমা হৈছে। যুৱ শক্তিৰ দক্ষতা বৃদ্ধিত গুৰুত্ব দিয়া হৈছে। ৩ হাজাৰ নতুন ITI স্থাপন কৰা হ’ব।”

“উচ্চ শিক্ষাত মহিলাৰ পঞ্জীয়ন ২৮% বৃদ্ধি হৈছে। ৩০ কোটি মহিলাক মুদ্ৰা লোণ প্ৰদান কৰা হৈছে। ৭ IIT, ১৫ AIIMS, ৭ IIM, ৩৯০ বিঃবিঃ স্থাপন। জনতাৰ গড় আয় ৫০% বৃদ্ধি হৈছে। মধ্যবিত্তৰ বাবে হাউছিং আঁচনি। আগন্তুক ৫ বছৰত ২ কোটি নতুন ঘৰ হ’ব। টেক ছেভী যুৱকৰ বাবে সেণালী দিন আহি আছে। ৩ কোটি লাখপতি বাইদেউৰ লক্ষ্য। শীঘ্ৰে উচ্চ ক্ষমতাসম্পন্ন ট্ৰেফিক কৰিডৰ স্থাপন। স্থাপন হ’ব ৰে’ল ক’ৰিডৰ। ৪৯ হাজাৰ নতুন ৰে’ল ডবা নিৰ্মাণ হ’ব। বিমান বন্দৰৰ সম্প্ৰসাৰণ অব্যাহত থাকিব। ১০ বছৰত বিমান পৰিবহণ শক্তিশালী হৈছে। ন ন চহৰলৈ মেট্ৰ’ৰে’ল সম্প্ৰসাৰণ হ’ব। ৰাজহুৱা পৰিবহণত বৈদ্যুতিক বাহনত গুৰুত্ব। ই-বাছ ব্যৱহাৰত গুৰুত্ব বাজেটত। ভাৰতৰ দ্বীপসমূহত বন্দৰ বৃদ্ধি কৰা হ’ব।”

“২০২৩-২৪ত বিত্তীয় ঘাটি GDPৰ ৫.৮ শতাংশ হ’ব। ২০২৪-২৫ত বিত্তীয় ঘাটি ৫.১%লৈ হ্ৰাসৰ লক্ষ্য। পৰ্যটনৰ উন্নয়নৰ বাবে দিয়া হ’ব এই ঋণ। ৭ লাখ টকালৈ কোনো আয়কৰ নাই। কৰ্প’ৰেট টেক্স ৩০ৰ পৰা ২২ শতাংশলৈ হ্ৰাস কৰা হৈছে। আয়কৰ ৰিফাণ্ড খৰতকীয়া কৰা হৈছে। ১০ দিনৰ ভিতৰত আয়কৰ ৰিফাণ্ড দিব পৰা হৈছে। কৰ্প’ৰেট টেক্স ৩০ৰ পৰা ২২ শতাংশলৈ হ্ৰাস। আয়কৰ ৰিফাণ্ড খৰতকীয়া কৰা হৈছে। ১০ দিনৰ ভিতৰত আয়কৰ ৰিফাণ্ড দিব পৰা হৈছে। আয়কৰৰ সীমাৰ কোনো সলনি হোৱা নাই। ৭ লাখ টকালৈ কোনো আয়কৰ নাই। আয়ুষ্মান কাৰ্ডৰ অধীনত আহিব আশাকৰ্মী। আয়ুষ্মান কাৰ্ডৰ অধীনত আহিব অংগনবাড়ী কৰ্মী। ভাৰাঘৰ, বস্তিত থকা মধ্যবিত্তৰ বাবে গৃহ আঁচনি। PMAYৰ অধীনত ২ কোটিৰ নতুন ঘৰ।”

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments